পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩১৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাধনা


 কাক উপলক্ষ্য কৰি মই এই কথা কৈছোঁ, বোধ কৰোঁ ভাঙি কোৱাই ভাল। স্কুলৰ দ্বিতীয় শিক্ষয়িত্ৰী ঊষাৰ বিষয়ে বোধকৰোঁ আপুনি জানে৷ মই তেওঁৰ বিষয়ে বিশেষভাবে ভু লৈছোঁ। ৰূপৰ বিষয়ে মই একো নকওঁ, কিয়নো আপুনি তেওঁক দেখিছে। গুণৰ বিষয়ে ক’ব লাগিলে তেওঁতকৈ বেচি উপযুক্ত আৰু কোনোবা ওলাব বুলি মোৰ বিশ্বাস নহয়৷ তদুপৰি যৌৱনৰ প্ৰাৰম্ভৰে পৰা তেওঁ আপোনাক হৃদয় দান কৰি আহিছে; আপোনাৰ বাহিৰে আন দেৱতাক তেওঁ নাজানে৷ দেউতাকহঁতে নানা চক্ৰান্ত কৰি পতা বিয়াও কিয় ভাগিল, তাক আপুনি নিশ্চয় জানে। মোৰ বিশ্বাস ঊষাৰ লগত বিবাহ হ’লে আপোনালোকৰ দাম্পত্য জীৱনো সুখময় হ’ব, আৰু আপোনাৰ অনুষ্ঠানবোৰৰ কাৰ্য্য সম্পাদনতো সাহায্য পাব। আন ফালে ঊষাই আপোনাৰ লগত থাকিবলৈ পালে স্বৰ্গ-সুখো কামনা নকৰে। যদিও ঊষাই এইবোৰ কথা মোক কোৱা নাই (তেওঁ এনেবোৰ কথা প্ৰায় নকয়), তথাপি মই তেওঁৰ প্ৰত্যেক কথা, প্ৰত্যেক কাৰ্য্য,—আন কি, তেওঁৰ নীৰৱতাৰ মাজতো ইয়াৰ আভাস পাইছোঁ।

 আপোনাৰ উত্তৰলৈ বাট চাই ৰ’লোঁ, সোনকালে আপোনাৰ মতামত পালে সুখী হ’ম। মোৰ নমস্কাৰ গ্ৰহণ কৰিব। ইতি—

 সেৱিকা

 প্ৰভাৱতী

 প্ৰভাৱতীৰ চিঠি পঢ়ি দীনবন্ধুৱে অলপ সময় চিন্তা কৰিলে, তাৰ পাচত লিখিলে,—

আয়ুষ্মতি,

 তোমাৰ চিঠিৰ উত্তৰত একে আষাৰেই কওঁ যে মই, তোমাৰ প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ অক্ষম৷ ঊষায়েই হওক বা সন্ধ্যায়েই হওক তোমাৰ

—৩১২—