পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩১৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ষোড়শ অধ্যায়

বিবাহ-প্ৰস্তাৱ

 প্ৰভাৱতীৰ জ্বৰ ভাল হোৱাৰ প্ৰায় এপষমানৰ পাচত দীনবন্ধুৱে এই চিঠিখন পালে,—

শ্ৰীচৰণকমলেষু,

 আজি আপোনাৰ ওচৰত এটা বিশেষ কথা ডাঙি ধৰিব খুজিছোঁ; যদি কিবা দোষ কৰোঁ, দয়া কৰি যেন ক্ষমা কৰে। কথাটো আজি কেইবা দিনেৰে পৰা কওঁ কওঁকৈ উচপিচাই আছোঁ, কিন্তু কবলৈ সাহ কৰিব পৰা নাই। এতিয়াও আপুনি নিৰ্ভয় দিলেহে ক’ব পাৰোঁ।

 আপোনাৰ বিবাহৰ বিষয়ে সকলোৱে কোৱা-মেলা কৰা শুনিছোঁ, কিন্তু আজিলৈকে বিবাহৰ প্ৰতি আপোনাৰ আগ্ৰহ দেখা নাই। মোৰ বোধেৰে আপোনাৰ আদৰ্শৰ অনুৰূপ কন্যাৰ অভাৱ বুলিয়েই আপুনি বিয়া কৰাবলৈ অনিচ্ছুক। মোৰ যদি আপোনাৰ আদৰ্শ বুজাত ভুল হোৱা নাই, তেন্তে ঠিক সেই আদৰ্শমতে পাত্ৰী বিচাৰি দিবলৈ গাত ল’ব পাৰোঁ।

 মই এই কথা কওঁতে অকল আপোনাৰ কথা লবলৈ গৈছোঁ বুলি নাভাবিব; সঁচাকৈয়ে মোৰ বিয়াঘৰীয়া হবৰ বৰ মন গৈছে। উপযুক্ত পত্নীৰ সাহায্য লাভ কৰিলে আপোনাৰ বল-বুদ্ধি বাঢ়িব; আপোনাৰ বহুমূলীয়া সময়ৰ সদ্ব্যৱহাৰৰ নিমিত্তে অধিক সুযোগ মিলিব। সেই কাৰণেই মই সোনকালে আপোনাৰ শুভ পৰিণয়ত যোগ দিবলৈ পাম

বুলি বাঞ্ছা কৰিছোঁ।

-৩১১-