পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩১৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সাধনা

গুপ্ত প্ৰণয় হে বিচাৰে, সেইটো ৰম্ভাই এতিয়াও ঠিককৈ বুজা নাই। বহুতো ভাবি-চিন্তি ডেইটনক ক’লে,—“মোক ভাবিবলৈ এসপ্তাহ সময় দিয়ক।”

 ডেইটন—বাৰু সেয়ে হওক, কিন্তু এসপ্তাহৰ পিচত হ’লে এদিন ৰ’ব নোৱাৰিম।

 ৰম্ভা সম্মত হ’ল আৰু সেইদিনাৰ আলোচনাও সিমানতে ৰ’ল।

 সেই দিনাৰ পৰা ৰম্ভা দিনৌ মিচেচ্ ডিক্সনৰ ঘৰলৈ অহা যোৱা কৰিবলৈ লাগিল। দিনচেৰেকৰ পিচত এইটো স্থিৰ হ’ল যে ৰম্ভাই খৃষ্টান ধৰ্ম্ম গ্ৰহণ কৰিলে মেকেঞ্জিয়ে তেওঁক ৰীতি-মতে বিবাহ কৰিব। ৰম্ভায়ো ধৰ্ম্ম বিশ্বাসৰ বাবে নহলেও মেমচাহাব হোৱাৰ আশাত খৃষ্টান ধৰ্ম্মত সামাজিকভাবে দীক্ষিত হবলৈ স্থিৰ কৰিলে। ৰম্ভাৰ সিদ্ধান্ত শুনি ডেইটনৰ আনন্দৰ পাৰ নোহোৱা হ’ল। কাল বিলম্ব নকৰি যথানিয়মে ৰম্ভাক বেপ্টাইজ্‌ড্ কৰালে। যদিও ইয়াৰ দ্বাৰা খৃষ্টৰ উপাসকৰ সংখ্যাৰ লৰচৰ নহ’ল, তথাপি মিশ্যনৰ বহীৰ পাতত এজন খৃষ্টান বাঢ়িল। দীক্ষা ল’বৰ দিনা ৰম্ভাৰ মন বৰ অস্থিৰ হৈছিল; মাজে মাজে একোবাৰ আপোনাআপুনি কৈছিল,—“হে হৰি, কি কৰিলা।”

 ইয়াৰ অলপ দিনৰ পিচতে ৰম্ভাৱতী মিচেচ্ মেকেঞ্জি হৈ টেলিগ্ৰাফ অফিচৰ কৰ্ম্মচাৰী মিষ্টাৰ মেকেঞ্জিৰ ঘৰ পোহৰ কৰিবলৈ গ’ল, আৰু তাৰ পৰাই মিচেচ্ ডিক্সনৰ দৰে স্কুলৰ কাম চলাবলৈ ধৰিলে৷

———

-৩১০-