পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩১৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মিশ্যন স্কুল

 এই বক্তৃতাত ৰম্ভাৰ মতৰ পৰিবৰ্ত্তন ঘটিল। যেতিয়ালৈকে ধৰ্ম্মৰ কথা আলোচনা কৰিছিল, তেতিয়ালৈকে ৰম্ভাৰ খৃষ্টান হোৱা অধঃপতন আৰু লাজৰ কথা বুলি ভাবিছিল, কিন্তু যেই ভোগ-বিলাসৰ কথাৰ অৱতাৰণা হ’ল, ততালিকে বহুত সুবিধা ৰম্ভাৰ চকুত পৰিল। সঁচা কথা, তেৱোঁতো নীহকুলীয়া, আৰু সেই কাৰণেই কোনো উচ্চ বৰ্ণৰ শিক্ষিত হিন্দুৱে তেওঁক প্ৰকাশ্যে গ্ৰহণ কৰিবলৈ ওলোৱা নাই। স্বজাতীয়ৰ ভিতৰতো তেওঁৰ মনোমত পাত্ৰৰ অভাৱ। তেনেহলে তেওঁ খৃষ্টান হোৱাই উচিত নেকি? আৰু এটা কথা। ৰম্ভা মিশ্যন স্কুললৈ অহাৰে পৰা মাজে মাজে তেওঁ ওচৰৰ আলিত এজন ডেকা খৃষ্টানক দেখা পাইছিল। তেওঁ মিচেচ্ ডিক্সন নামেৰে সেই স্কুলৰে এজনী শিক্ষয়িত্ৰীৰ ভায়েক। ৰম্ভাই তাত থাকোঁতেই তেওঁৰ পৰা কেইবাখনো প্ৰেমপত্ৰ পাইছে, তাত তেওঁৰ নাম এইচ্ মেকেঞ্জি বুলি লিখিছিল। মেকেঞ্জিৰ বাপেক বঙ্গদেশীয় কৈৱৰ্ত্ত কি বাগ্দীজাতীয়৷ মেকেঞ্জি আৰু বায়েকক মিশ্যনেৰীসকলে আনি মিশ্যন স্কুলত শিক্ষা আৰু খৃষ্টান ধৰ্ম্ম দি ডাঙৰ কৰিছিল। শিক্ষাৰ অন্তত বায়েকক মিষ্টাৰ ডিক্সন নামেৰে টেলিগ্ৰাফ অফিচত কাম কৰা এজন ফিৰিঙীয়ে বিয়া কৰায়। বিয়াৰ পিচৰে পৰা মিচেচ্ ডিক্সনে এই স্কুলতে শিক্ষয়িত্ৰীৰ কাম কৰি আহিছে। মেকেঞ্জিয়েও শিক্ষাৰ অন্তত ভিনীহিয়েকৰ আশ্ৰয়তে থাকি টেলিগ্ৰাফ শিকি তাতে এটা কাম পায়। ডেইটনৰ কথা শুনি মেকেঞ্জিক লাভ কৰিব খুজিলে তেওঁ যে খৃষ্টান হ’ব লাগিব, সেই কথাটো ৰম্ভাই বিশেষকৈ ভাবিলে। মেকেঞ্জিয়ে সম্পূৰ্ণৰূপে চাহাবৰ নিচিনাকৈ চলা-ফুৰা কৰে। যদি মেকেঞ্জিয়ে তেওঁক বিয়া কৰায়, তেন্তে তেৱোঁ গাউন পিন্ধি, মেম সাজি, বাটে বাটে গা ঘেলাব পাৰিব। কোনো লুক-ঢুক নকৰাকৈ ডিঙিত ধৰাধৰি কৰি বাটে বাটে প্ৰেমালাপ কৰি ফুৰিলেও কোনেও একো ক’ব

নোৱাৰিব। কিন্তু মেকেঞ্জিয়ে তেওঁক সঁচাকৈয়ে বিয়া কৰাব খোজে নে

-৩০৯-