পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩১২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সাধনা

আৰু এই স্কুলত ৰাখিব নোৱাৰিম। তুমি শিক্ষয়িত্ৰী হৈ পৱিত্ৰ ধৰ্ম্ম গ্ৰহণ নকৰিলে, ছাত্ৰীবিলাকো অবাটে যোৱাৰ সম্ভাৱনা। সেই কাৰণে এনে বেয়া আদৰ্শ সিহঁতৰ আগত সদায় ৰাখিব নোৱাৰোঁ। সম্প্ৰতি এজনী শিক্ষয়িত্ৰী পোৱা গৈছে; তাই বাইবেল ভালকৈ জানে, আৰু ধৰ্ম্মত খৃষ্টান। তুমি যদি খৃষ্টান নোহোৱা, তেনেহলে তোমাৰ ঠাইত তেওঁকে ৰাখিম বুলি ভাবিছোঁ; আৰু যদি তুমি খৃষ্টান হবলৈ মান্তি হোৱা, তেন্তে তোমাকে ৰাখি দৰমহা পাঁচ টকা বঢ়াই দিম।”

 ৰম্ভা—মইতো স্কুলৰ নিয়মমতে বাইবেল পঢ়া আৰু গিৰ্জ্জালৈ যোৱাত আপত্তি কৰা নাই।

 ডেইটন—অকল সেয়েই যথেষ্ট নহয়, তুমি ‘বেপ্টাইজ্‌ড্’ হ’ব লাগিব।

 ৰম্ভা—আপোনালোকৰ ধৰ্ম্ম মই এতিয়াও বুজা নাই। প্ৰথমতে ঈশ্বৰৰ পুত্ৰ কথাটোকেই বুজাত টান পাইছোঁ। আপোনালোকৰ মতে ঈশ্বৰ তিনিজন হয়গৈ দেখোন।

 ডেইটন—তিনিও গোট খাই এক অৰ্থাৎ তিনিও একে জনৰেই বিকাশ মাথোন।

 ৰম্ভা—যেতিয়া ঈশ্বৰৰ পুত্ৰ পৃথিবীত, তেতিয়াও স্বৰ্গত পিতা ঈশ্বৰ আৰু প্ৰেতাত্মা ঈশ্বৰ আছিল। আকৌ পুত্ৰ ঈশ্বৰ প্ৰেতাত্মা ঈশ্বৰৰ ঔৰসত জন্মিল অৰ্থাৎ পিতা ঈশ্বৰ খৃষ্টৰ পিতা নহয়। তেন্তে তিনিও জনক এক কৰি মিলোৱা যায় কেনেকৈ? আকৌ যদি যিছুক ঈশ্বৰ বুলি ধৰা যায়, তেন্তে তেওঁ য়িহুদীৰ হাতত প্ৰাণ এৰা কথাটোৰ অৰ্থ পোৱা নাযায়। যিছু যে এজন প্ৰকৃত ঈশ্বৰ ভক্ত, তাত সন্দেহ নাই, কিন্তু তেওঁকেই ঈশ্বৰ বুলি মানিলে গোটেইবোৰ কথাতে খেলি-মেলি লাগে, হিচাপো ভুল হয়। আকৌ ঈশ্বৰৰ মাক থকাটো কেনেকুৱা কথা!

 ডেইটন—মই বৰ দুখিত হলোঁ যে তোমাৰ ভাগ্যত অনন্ত নৰক

-৩০৬-