পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩১১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মিশ্যন স্কুল

ৰম্ভাই দেখিলে, সি ফাটেকৰ কয়দীৰ শাসন প্ৰণালীৰ লগতহে মিলে। কয়েদীয়ে আগেয়ে যি খাদ্যকেই খাওক, যেনে আহাৰতেই ৰুচি বহুৱাওক, ফাটেকত পৰিলে ফাটেকৰ নিয়মতে যি পায়, তাক খাবই লাগিব, যি পিন্ধিবলৈ দিয়ে, নিপিন্ধিলেই নহয়। তাৰ পৰা স্বাস্থ্য ভগ্ন হোৱাৰ ভয় থাকিলেও তাৰ ব্যতিক্ৰম ঘটিব নোৱাৰে। কিন্তু যেই ফাটেকৰ পৰা ওলায়, তেতিয়াই আকৌ নিজৰ ৰুচিমতে খোৱা-পিন্ধা চলায়। মিশ্যন স্কুলৰ ধৰ্ম্মও সেয়ে। যি যেনেকৈ ঈশ্বৰ-বিশ্বাস কৰক, বাইবেল পঢ়িবই লাগিব আৰু অসঙ্গত কাহিনীকো হয় বুলি শলাগিবই লাগিব; গিৰ্জ্জালৈ যাওঁতে যিমানেই অশান্তি পাওক যাবই লাগিব। কিন্তু যেতিয়াই গিৰ্জ্জাৰ পৰা বা বাইবেল শ্ৰেণীৰ পৰা ওলাই আহে, তেতিয়াই সকলো নিজ নিজ অভিৰুচিমতে ঈশ্বৰ-বিশ্বাসলৈ ঘূৰি আহে। আন কি, যিবোৰ খৃষ্টান ধৰ্ম্মত দীক্ষিত হৈছে, তেওঁলোকৰো সৰহ ভাগে মিচহঁতৰ পৰা আঁতৰ হলেই সেই ধৰ্ম্ম পাহৰি যায়। তেওঁলোকৰ পেৰাতো দেৱ-দেবীৰ মূৰ্ত্তি বিচাৰিলে পোৱা যায়। মুঠতে মিশ্যন স্কুলৰ,—অন্ততঃ ৰম্ভাই য’ত কাম কৰিছিল সেইখনৰ খৃষ্টান ধৰ্ম্ম গিৰ্জ্জালৈ যোৱা আৰু বাইবেল পঢ়াতেই আবদ্ধ, ঈশ্বৰ-বিশ্বাসৰ লগত তাৰ সম্পৰ্ক নাই।

 মিচ ডেইটনে ৰম্ভাক প্ৰায়েই খৃষ্টান হবলৈ উপদেশ দিয়ে, আৰু পৃথিবীৰ যাৱতীয় ধৰ্ম্মক নিন্দা কৰি, সেই ধৰ্ম্মাৱলম্বীবোৰ যে অনন্ত নৰকলৈ যাব তাক বৰ দুখ প্ৰকাশ কৰি কয়। হিন্দু ধৰ্ম্মকতো ব্যভিচাৰৰ নামান্তৰ বুলি হে ব্যাখ্যা কৰে, আৰু সেই ধৰ্ম্মাৱলম্বী ধৰ্ম্মজ্ঞানহীন মানুহবিলাকক কেনেকৈ উদ্ধাৰ কৰিব, তাৰ চিন্তাতেই বোলে তেওঁৰ ৰাতিও টোপনি নাহে।

 ৰম্ভাই তাত তিনি মাহ কাম কৰাৰ পিচত এদিন মিচ ডেইটনে

ক’লে, “ৰম্ভা, তুমি যদি এতিয়াও খৃষ্টান নোহোৱা, তেনেহলে তোমাক

-৩০৫-