পঞ্চদশ অধ্যায়
মিশ্যন স্কুল
ৰম্ভাৱতায়ে মিশ্যন স্কুলত কাম কৰিবলৈ ধৰিলে, কিন্তু বোৰ্ডিঙৰ চাৰি বেৰৰ ভিতৰত আবদ্ধ থাকি তেওঁ বৰ আহুকাল বোধ কৰিবলৈ ধৰিলে৷ আৰু এটা আহুকাল পাইছিল স্কুলৰ নিয়মমতে দেওবাৰৰ দিনা গিৰ্জ্জালৈ যাব লগা হোৱাত। নিয়মমতে গিৰ্জ্জালৈ নগলে আৰু বাইবেলখন ভালকৈ আয়ত্ত কৰিব নোৱাৰিলে ৰম্ভাক তাত ৰাখিব নোৱাৰে বুলি মিচ ডেইটনে সদায় কবলৈ পাহৰা নাছিল। ৰম্ভাই আন উপায় নেদেখি অনিচ্ছাৰে সৈতে বাইবেল পঢ়িবলৈ ধৰিলে, আৰু গিৰ্জ্জালৈকো অহা-যোৱা কৰিবলৈ লাগিল। যদি বাইবেল পঢ়িবলৈ নাইবা গিৰ্জ্জালৈ যাবলৈ ৰম্ভাৰ আগ্ৰহ জন্মিলহেঁতেন, তেন্তে বোধকৰোঁ কিছু লাভো হ’লহেঁতেন, কিন্তু বন্ধা নিয়মৰ বশবৰ্ত্তী হৈ ইচ্ছাৰ বিৰুদ্ধে তেনে কৰিব লগা হোৱাত তেওঁৰ মনত অশান্তি উপজিছিল মাত্ৰ। ৰম্ভা যিমানেই তললৈ নামক হিন্দু সমাজৰ মাজত বৰ্দ্ধিতা; সেই কাৰণে যৌৱনৰ উম্মত্ততাই যেনি-তেনি উটুৱাই নিলেও ঈশ্বৰ বিশ্বাসৰ পৰা একেবাৰেই বঞ্চিত নাছিল। গিৰ্জ্জালৈ অহা-যোৱা কৰি তেওঁ দেখিলে খৃষ্টান হবলৈ ঈশ্বৰ-বিশ্বাস বা ধৰ্ম্মভাবৰ কোনো প্ৰয়োজন নাই। কিছুমান নিয়ম মানি চলিলে আৰু দেওবাৰৰ দিনা যেনে-তেনে উচপিচাই বহি গিৰ্জ্জাত এখন্তেক কটাব পাৰিলেই হৈ গ’ল। ৰম্ভাৰ ধৰ্ম্ম-বিষয়ে আন জ্ঞান নাথাকিলেও এই ফেৰা অন্ততঃ আছিল যে ধৰ্ম্ম গাৰ বলেৰে আনে জাপি দিব পৰা বস্তু নহয়; ইয়াৰ নিমিত্তে অন্তৰৰ আকুলতা আৰু দৃঢ় বিশ্বাস লাগে। মিশ্যন স্কুলত যি ধৰ্ম্মৰ প্ৰচাৰ