পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩০৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰোগী শুশ্ৰূষা

আহিছে, বোধকৰোঁ ৰাতিৰ ভিতৰত আৰু নৰিয়া টান হোৱাৰ সম্ভাৱনা নাই। মই এতিয়া যাওঁ, ৰাতিপুৱা এবাৰ আহিম। যদি ইয়াৰ ভিতৰতে প্ৰয়োজন হয়, খবৰ দিবা। সাৰ পালে এদাগ ঔষধ খুৱাবা।”

 ঊষাই মুখেৰে একো নকৈ মূৰ দোঁৱাই সম্মতি জ্ঞাপন কৰিলে, আৰু দীনবন্ধু ওলাই গ’লত ৰোগিণীৰ শিতানৰ ওচৰত বহিল।

 সেই দিনাৰ পৰা দীনবন্ধু প্ৰায়েই প্ৰভাৱতীৰ বাতৰি লবলৈ আহে, আৰু আৱশ্যক বুজি শুশ্ৰূষাও কৰে। ঊষাই ইয়াৰ ভিতৰত এটা কথা বিশেষভাবে লক্ষ্য কৰিছিল যে হাজাৰ শুশ্ৰূষাই প্ৰভাৱতীক যি কৰিব নোৱাৰে, দীনবন্ধু দৰ্শনে তাতকৈ বহুতো বেচি গুণ দিয়ে। ঊষাই ইয়াৰ কাৰণৰ কথা ভাবি মাজে মাজে একোটা দীঘল হুমুনিয়াহ কাঢ়িছিল।

 এসপ্তাহমানৰ মূৰত প্ৰভাৱতীৰ জ্বৰ এৰিলে; কিন্তু শৰীৰ বৰ দুৰ্ব্বল। দীনবন্ধু আৰু ঊষাৰ যত্ন আৰু বলকাৰক পথ্যৰ ব্যৱস্থাত সেই দুৰ্ব্বলতা দিনে দিনে কমি আহিবলৈ ধৰিলে। প্ৰায় দুসপ্তাহৰ মূৰত প্ৰভাৱতী সম্পূৰ্ণ সুস্থ হ’ল আৰু অলপ দুৰ্ব্বলতা থাকিলেও স্কুলৰ কৰ্ত্তব্য হাতত ল’ব পৰা হ’ল।

————

-৩০৩-