পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩০৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সাধনা



 দীন—এতিয়াই নাযাওঁ। পিচত যদি আৱশ্যক নোহোৱা যেন দেখোঁ, তেতিয়া যাম।

 ইয়াৰ পিচত দীনবন্ধুৰ উপদেশ মতে ঊষাই গাখীৰ লৈ আহিল। ঊষাক চুচুক-চামাক কৰা দেখি, আৰু প্ৰভায়ো অলপ লাজ কৰা যেন অনুমান কৰি, দীনবন্ধু বহাৰ পৰা উঠিল আৰু প্ৰভাক গাখীৰ খাবলৈ কৈ খোটালিটোৰ ইটো মূৰত থিয় দি ডাক্তৰৰ ব্যৱস্থাখন চাবলৈ ধৰিলে। প্ৰভাৰ খোৱা হ’লত তেওঁ ঊষালৈ চাই ক’লে,-“মই শুনিছোঁ তুমি বোলে কালিও শোৱা নাই। এতিয়া মই নৰিয়াৰ ওচৰত থাকোঁ, তুমি অলপ শুই লোৱা।”

 ঊষা ধীৰে ধীৰে আঁতৰ হ’ল; দীনবন্ধু প্ৰভাৱতীৰ ওচৰত বহিল। একোবাৰ প্ৰভাৱতীৰ হাতটো নিজৰ হাতত লৈ, একোবাৰ কপালত হাত ফুৰাই আৰু মূৰত বিচনীৰে বিচি দীনবন্ধুৱে বহুতো সময় কটালে। এনেকৈ থাকোঁতে থাকোঁতেই প্ৰভাৱতীৰ টোপনি আহিল। তেতিয়া ৰাতি প্ৰায় তিনি বাজিছিল। দীনবন্ধুৱে তাত থকাৰ আৰু বিশেষ আৱশ্যকতা নেদেখি ঘৰলৈ যাবলৈ মন কৰিলে, কিন্তু ৰোগিণীৰ ওচৰত থৈ যায় কাক। তেওঁ প্ৰভাৰ ভায়েকটোক মাতিলে, কিন্তু তাৰ টোপনি নাভাগিল।

 ঊষাৰ টোপনি অহা নাছিল। যদিও তেওঁ পাটীত পৰিছিল, তথাপি কিবা ভাবনাত তেওঁৰ মন-প্ৰাণ ডুবি আছিল। এতিয়া দীনবন্ধুৰ মাত শুনি কিবা প্ৰয়োজন আছে বুলি উঠি আহিল, আৰু দুৱাৰ-দলিত থিয় দিলে। দীনবন্ধুৰো ঊষাক মতাহে আচলতে উদ্দেশ্য আছিল, ঊষায়ো সেইটো বুজিছিল। ঊষাক দেখি দীনবন্ধুৱে মাতিলে,-“ঊষা।”

 ঊষাৰ গোটেই শৰীৰ কঁপি উঠিল, যেন কিবা এটা তড়িৎপ্ৰবাহ শিৰে শিৰে বৈ গ’ল। তেওঁ মাতিব নোৱাৰিলে, থৰক-বৰক খোজেৰে

আগ বাঢ়ি আহিল। দীনবন্ধুৱে কলে,-“ঊষা, প্ৰভাৰ এতিয়া টোপনি

-৩০২-