ৰোগী শুশ্ৰূষা
চাই, তাত এখন কাগজ দেখিলে, তাত আগদিনা ৰাতিৰে পৰা জ্বৰৰ জোখ লিখা আছিল। দীনবন্ধুৱে দেখিলে আগ দিনা জ্বৰ ১০২ ডিগ্ৰী আছিল, এতিয়া ১০৪ ডিগ্ৰীলৈ উঠিছে।
দীন—আজি কিবা পথ্য দিছিলানে?
ঊষাই মূৰ জোকাৰি নাই বুলি জনালে।
দীনবন্ধু বিমোৰত পৰিল। এফালে বাহ্যজ্ঞানশূন্যা ৰোগিণী; আনফালে বাক্যৰহিতা শুশ্ৰূষাকাৰিণী। শেহত তেওঁ নিজে ৰোগিণীক পৰীক্ষা কৰি শুশ্ৰূষা কৰাকেই শ্ৰেয়ঃ বিবেচনা কৰিলে। উষালৈ চাই ক’লে,-“তুমি অলপমান গাখীৰ তপতাই আনা।”
উষা ওলায় গ’ল। দীনবন্ধুৱে ৰোগিণীৰ হাতটোলৈ নাড়ী চালে, নাড়ীৰ স্পন্দন ইমান খৰ যে তেওঁ তাক লেখিবকে নোৱাৰিলে। কপালত হাত দি চালে, ভয়ঙ্কৰ তপত, মূৰৰ পৰা যেন জুইহে ওলাইছে। ৰোগীণীয়ে যদিও ছটফটাই আছিল, তথাপি ক’ত কোন আছে, কি হৈছে, একোকে ক’ব নোৱাৰিছিল। দীনবন্ধুৱে মূৰত পানী দি দি বিচিবলৈ ধৰিলে। এনেকৈ বহুত পৰ চেষ্টা কৰাৰ পাচত প্ৰভাৱতী অলপ সুস্থিৰ হ’ল, আৰু তেওঁৰ সংজ্ঞা আহিল। কিন্তু তেতিয়াও তেওঁ দীনবন্ধুৰ উপস্থিতি অনুভৱ কৰিব পৰা নাছিল, তেওঁৰ মূৰশিতানত আগৰ দৰে উষায়েই বহি আছে বুলিহে ভাবিছিল। প্ৰায় এঘণ্টামান সময়ৰ মূৰতহে তেওঁ দীনবন্ধুক দেখিলে, লগে লগে এটা লাজ আৰু আনন্দৰ মিহলি সোঁত তেওঁৰ শিৰে শিৰে বৈ গ’ল। অতি ক্ষীণস্বৰেৰে সুধিলে, “আপুনি কেতিয়া আহিল?”
দীন—বেচি সময় হোৱা নাই, এঘণ্টামান হব পাৰে।
প্ৰভা—ভাত পানী খাই আহিছে নহয়?
দীন—এৰা, মই খাই-বৈ আহিছোঁ।
প্ৰভা—এতিয়াই আকৌ যাব নেকি?
-৩০১-