পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩০৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

যোগী শুশ্ৰূষা

এই ঘৰবোৰ তেওঁ কেলেই সজাইছে, এতিয়ালৈকে কাকো কোৱা নাই; কোনোবাই সুধিলে কয়,—“জানো কি কৰিব পাৰোঁ। যদি কিবা কামত লগাব পাৰোঁ দেখিবা নহয়।”

 ঘৰ সজাবলৈ আৰম্ভ কৰিবৰে পৰা তেওঁ প্ৰায় দিনত ঘৰলৈ অহা নাই; দুপৰীয়া তাতেই খোৱাৰ দিহা কৰি লৈছিল। তেওঁ তাত অকল কামৰ তত্ত্বাৱধানকেহে লৈছিল, এনে নহয়, নিজেও আন হজুৱা মানুহৰ সমানে সকলো কাম কৰিছিল।

 সেই দিনা দীনবন্ধুৰ পামৰ পৰা অহাত পলম হৈছিল। আহি থাকোঁতে তেওঁ বাটৰ দাঁতিত এটা বুঢ়া মানুহ পৰি থকা দেখিলে। মানুহটো ৰুগীয়া, বহুত দিন খেহ ৰোগত পৰি হাড়-ছাল মাত্ৰ আছে। তাৰ সংসাৰত কেওঁকিছু নাই। ভিক্ষা কৰি কোনো মতে পেট প্ৰবৰ্ত্তায়, আৰু কেতিয়াবা আলহী ঘৰত, কেতিয়াবা গছৰ তলত থাকে। তাৰ গাত এডোখৰ লেংটি আৰু এডোখৰ ফটা কম্বলৰ বাহিৰে একো নাই; জাৰত ঠক্‌ঠক্ কৰে কঁপিব লাগিছে। মানুহটো জাতত উড়িয়া। আজি নৰিয়া বেচি হোৱাত খোজ কাঢ়িব নোৱাৰি পৰি আছে। দীনবন্ধুৱে গাৰ এৰীয়া কাপোৰখন খহাই তাক লবলৈ দিলে। তাৰ পিচত এটা হাতেৰে বা-বিচনীয়ে দি সাবটি ধৰি বুলাই বুলাই সেৱাশ্ৰমলৈ লৈ গ’ল। তাত দৰব-পাতি খুৱাই, শোৱা-খোৱাৰ দিহা কৰি দি আহোঁতে ৰাতি বহুতো হ’ল।

 ঘৰ পাই দীনবন্ধুৱে গা-পা ধুই ভাত খালে। খাই উঠাৰ পিচত গঙ্গাই ক’লে,-“আজি দেউতাক বিচাৰি মাষ্টৰনীয়ে কেইবাবাৰো মানুহ পঠিয়াইছিল, জ্বৰ টান হৈছে হবলা।”

 দীনবন্ধু চিন্তিত হ’ল। তেওঁ এবাৰ খবৰটো লৈ আহিবলৈ যাব নে কি? কিন্তু এই ৰাতি দুপৰত যোৱা জানো প্ৰভাৰ পক্ষে ভাল হব!

তেওঁ এই দৰে ভাবিছে, এনেতে প্ৰভাৰ লিগিৰীজনী আহি ক’লে,—

-২৯৯-