পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩০২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সাধনা

এই, —তুমি যদি ইয়াত থাকিব খুজিছা, তেন্তে তোমাৰ ভাৰ্য্যাকো ইয়ালৈ লৈ আহাঁ। নহলে ঘৰলৈ গৈ শৰাধ, গোপিনী-সবাহ আদি কৰি ভাত মোকোলোৱাঁ। সিও ভাল, সিও তোমাৰ এই আত্মিক অধঃপতনৰ প্ৰতিৰোধ কৰিব।”

 শিৱই বহুত চেষ্টাৰ মূৰত কোনোমতে ক’লে,-“মোৰ দোষ ক্ষমা কৰক।

 দীন—মই দেখোন তোমাক সদায় ক্ষমা কৰি আহিছোঁ। নতুবা ইমান দিনে তোমাৰ গতি কি হ’লহেঁতেন তাক জানা নে? এতিয়াও মই ইচ্ছা কৰিলে তোমাৰ কঠোৰ দণ্ড দিয়াব পাৰোঁ; কিন্তু ভয় নাই, মই তেনে ইচ্ছা নকৰোঁ। এতিয়াও যদি মোৰ অহিত চিন্তিবলৈকে তোমাৰ ইচ্ছা হয়, পৰৰ অপকাৰ কৰাকেই তোমাৰ ধৰ্ম্ম বুলি ভাবা, তেনেহলে তাকেই কৰাঁ, মই বাৰণ নকৰোঁ। এদিন তাৰ অৱশ্যম্ভাৱী ফল নিজে নিজে ভোগ কৰিবা।

 তাৰ পাচত আলমাৰীৰ পৰা চিঠিৰ টোপোলা এটা উলিয়াই আনি দীনবন্ধুৱে আকৌ ক’বলৈ ধৰিলে,-“এই তোমাৰ দুশ্চেষ্টাৰ স্বহস্ত লিখিত প্ৰমাণ; ইয়াৰ বলেৰেই মই ইচ্ছা কৰিলে তোমাক যথেষ্ট শাস্তি দিব পাৰোঁ৷ তুমিও সেইটো বুজিছা, আৰু সেই কাৰণেই তোমাৰ দুষ্কাৰ্য্যবোৰ আনৰ নামত কৰিছা। আকৌ বন্ধুবেশেৰে মোক সাহায্য কৰিবলৈ আহি সদ্ভাৱ ৰক্ষা কৰিবৰ চেষ্টা কৰিছা। মুঠতে এই চিঠি- বিলাক মোৰ হাতত থকাৰ বাবেই তুমি ভয়ত আত্মগোপন কৰি বন্ধুৰ ভাও ধৰি মোৰ অহিত চিন্তিছা। তাৰ দ্বাৰা তোমাৰ পাপৰ জোখ দুগুণ হৈছে মাথোন। সেই কাৰণে লোৱাঁ এই তোমাৰ পাপ-কাৰ্য্যৰ লিখিত সাক্ষীবোৰ। তাৰ পিচত যদি ইচ্ছা হয়, আত্মপ্ৰকাশ কৰি মোৰ যিমান পাৰা কলঙ্ক প্ৰচাৰ কৰাগৈ। কিন্তু আকৌ যদি মোৰ ওচৰলৈ

আহা, এনেকৈ প্ৰবঞ্চনা কৰিবলৈ নাহিবা। এতিয়া যোৱাঁ।”

-২৯৬-