পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২৯৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দোষৰ দণ্ড

দীনবন্ধুৱে ভালকৈ জানিব পাৰিছিল। আনকি, ভোজ খুৱাই পুৰস্কাৰ দিবলৈ প্ৰতিজ্ঞা কৰি কেনেকৈ বনুৱা মানুহকেইটাৰ হতুৱাই সাক্ষী কোৱাই তাত সিদ্ধিলাভ কৰিবৰ যত্ন কৰিছে, সিও তেওঁৰ অবিদিত থকা নাই। শিৱহঁতে ভাবিছিল, এনেবোৰ কথাৰ প্ৰচাৰ হোৱা শুনিলে দীনবন্ধুৱে প্ৰভাৱতীৰ লগত সকলো সম্পৰ্ক ৰহিত কৰিব, আৰু তেতিয়া তেওঁলোকে প্ৰভাক বশলৈ আনিব পাৰিব। কিন্তু তেওঁলোকৰ উদ্দেশ্য সিদ্ধি নহ’ল, দীনবন্ধুৱে প্ৰভাৰ লগত পূৰ্ব্বৰ সম্পৰ্ক ৰহিত নকৰিলে।

 দীনবন্ধুৱে নিজে কোনো কথা নুলিওৱা দেখি এদিন শিৱই উপযাচি সুধিলে,—“আপোনাৰ নামে কোনোবা দুৰ্জ্জনে মিছা অপবাদ উলিওৱা শুনি মই বৰ দুখিত হৈছোঁ। আপুনি পিচে কি কৰিব খুজিছে?

 দীন—মই কি কৰিম! ধেমালি চাম।

 শিৱ—যদি মোৰ দ্বাৰা আপোনাৰ কিবা কাম হয়, তেনেহলে যেন জানিবলৈ দিয়ে।

 শিৱৰ কথাত যদিও দীনবন্ধু প্ৰথমতে বিৰক্ত হৈছিল, তথাপি এতিয়া তেওঁৰ মুখত হাঁহি ওলাল। তেওঁ কলে,—“তোমাৰ পৰা বহুত কাম হ’ব পাৰে। ভোজ-ভাত দি আৰু কেইটামান মানুহ শিকাই–বুজাই ৰাখিব পাৰা, যাতে আৱশ্যক হ’লে তোমালোকৰ কল্পিত কাহিনীবোৰ সিহঁতৰ চাক্ষুষ প্ৰমাণৰ ওপৰত প্ৰতিষ্ঠিত বুলি দেখুৱাৰ পাৰা। ইয়াৰ ভিতৰতে সেই মানুহবোৰে দেখিছে বা কৈছে বুলি তোমালোকৰ কথাবোৰ ঢোল পিটি প্ৰচাৰ কৰি ফুৰিব পাবা।”

 শিৱ—ৰাম! ৰাম! আপুনি মোকোনো তেনে বুলি ভাবেনে? সিবেলি যি কথা ওলাইছিল, তাতে মোৰ দোষ নাছিল। ভূতনাথে মোক

কিছুমান প্ৰশ্ন কৰিছিল, মই তাৰ উত্তৰত মাথোন দুই-এটা দেখা-শুনা

-২৯৩-