পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২৯৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দোষৰ দণ্ড



 শিৱশৰ্ম্মাৰ ঘৰ এতিয়া বহুত ডেকা-ডঙুৱাৰ মিলন-মন্দিৰ। তাৰ ভিতৰতো আকৌ সাধাৰণ দল আৰু বিশেষ দল আছে। বিশেষ দলত আজি-কালি এই কেইজন গোট খাইছে, যেনে,—শিৱ ভূতনাথ আৰু লক্ষ্মীকান্ত। দলৰ আন মানুহবোৰ গ’লে এওঁলোকে প্ৰায়ে ফুচফুচাই মেল পাতে। এওঁলোকৰ প্ৰত্যেকৰেই বিশ্বাস, দীনবন্ধু নথকা হ’লে, তেওঁলোকে প্ৰভাৱতীক বশ কৰিব পাৰিলেহেঁতেন। শিৱই ভাবিছিল— দীনবন্ধু গোৱালপাৰাৰ পৰা ঘূৰি অহাত আৰু এসপ্তাহমান পলম হোৱা হলেও তেওঁৰ মনোৰথ সিদ্ধি হলহেঁতেন। সেই কাৰণে তেওঁ- লোক প্ৰত্যেকৰ হিচাপত দীনবন্ধুৱেই তেওঁলোকৰ শত্ৰু, তেওঁলোকৰ পথৰ কণ্টক। এই কণ্টক উদ্ধাৰ কৰিব লাগিব বুলিয়েই সকলো সম্মিলিত হৈছে।

 এই ঘটনাৰ কেইদিনমানৰ পিচত এদিন শিৱৰ ঘৰত এটা ভিতৰুৱা ভোজ হয়, তাত বিশেষ দলভুক্ত কেইজন মাথোন উপস্থিত আছিল। শিৱৰ ঘৰৰ ওচৰত থকা বনুৱা মানুহ কেইটামানকো এই ভোজলৈ মতা হৈছিল। ভোজৰ আয়োজন সম্পূৰ্ণ আৰু তেওঁলোকৰ ইচ্ছানুৰূপ হৈছিল। ভোজৰ অন্তত সকলোৰে মাজত এখন গোপন মেল বহিল, আৰু তাত কিবাকিবি ভিতৰুৱা আলোচনা হ’ল।

 এই ভোজৰ পিচ দিনাই আকৌ এটা নতুন সংবাদ ওলাল। সেইটো হৈছে—আজি কালি দীনবন্ধু আৰু প্ৰভাৱতী দুয়ো দুয়োৰে ঘৰলৈ ৰাতি অহাযোৱা কৰে। তেনে অৱস্থাত শিৱৰ ঘৰৰ ওচৰত থকা বনুৱা মানুহকেইটাই বহুত দিন দেখা পাইছে। দুই-এদিনতে এইবোৰ কথা ফাটি-ফুটি গ’ল, আৰু নানা প্ৰকাৰ জাননীও ওলাল। দীনবন্ধুৱে সকলো শুনিলে, কিন্তু তালৈ অলপপ মন-কাণ নিদিলে।

 এইবোৰ কথা প্ৰভাৱতীৰ কাণত পৰিলত তেওঁ মৰ্ম্মান্তিক বেজাৰ

পালে, আৰু দীনবন্ধুলৈ লিখিলে,—“ইয়াত দেখিছোঁ সৰহ ভাগেই মানুহ

- ২৯১-