পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২৯৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ত্ৰয়োদশ অধ্যায়

দোষৰ দণ্ড

 দীনবন্ধুৰ এটা দুৰ্ব্বলতাৰ কথা সকলোৱে জানিছিল; সেইটো হৈছে—তেওঁ কাৰো অপকাৰ কৰিব নোৱাৰে। কোনোবাই তেওঁৰ সামাজিক অনুষ্ঠান আদিৰ বিৰুদ্ধাচৰণ কৰিলে, তেওঁ তেনে বিৰুদ্ধাচাৰীক কোনো শাস্তি দিবলৈ নিবিচাৰি তেনে অনুষ্ঠানৰ আৱশ্যকতা মাথোন প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰে। কিন্তু ব্যক্তিগত ভাবে অকল তেওঁৰ হানি কৰিবলৈ কোনোবাই যত্ন কৰা দেখিলেও তেওঁ তাৰ বিশেষ ভু নলয়। নিজৰ গৌৰৱ ৰক্ষা বা প্ৰচাৰ কৰিবলৈ তেওঁৰ অভিলাষ নাই। শিৱশৰ্ম্মাৰ দুশ্চেষ্টাৰ পৰা যদি অকল তেওঁৰ অপকাৰ বা হানি হোৱাৰ সম্ভাৱনা দেখিলেহেঁতেন, তেনেহলে তেওঁ সেই বিষয়ে কোনো কথাকে নকলেহেঁতেন, কিন্তু তেওঁৰ লগতে প্ৰভাৱতীৰো অপকাৰ হোৱাৰ ভয়ত তেওঁ কিছু ভাবনাত পৰিল, সেই কাৰণেই তেওঁ শিৱক ডাবি দিছিল।

 আন কোনোৱাই শিৱক এইদৰে ডবিওৱা হ’লে, তেওঁ কিজানি তেতিয়াই ভৰিত পৰি ক্ষমা খুজিলেহেঁতেন, আৰু ভৱিষ্যতলৈ তেনে নকৰিবলৈ প্ৰতিজ্ঞা কৰিলেহেঁতেন। কিন্তু যদিও শিৱই দীনবন্ধুৰ কথাত বাহিৰত ভয় খোৱা যেন দেখুৱাইছিল, তথাপি পেটে পেটে সিমান ভয় কৰা নাছিল। তেওঁ জানিছিল—দীনবন্ধুৱে প্ৰভাক ৰক্ষা কৰিবলৈ যত্ন কৰিলেও তেওঁৰ অপকাৰ নোহোৱাকৈহে কৰিব। সেই কাৰণে তেওঁ তেওঁৰ দুশ্চেষ্টা বন্ধ নকৰিলে, বৰং তেওঁৰ দল-বল বেচি

পুষ্টহে কৰিবলৈ ধৰিলে।

-২৯০-