পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২৯৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দুৰ্ভগীয়া

কৰি লৈ আগৰ নিচিনাকৈ খেতি-বাতিত ধৰিলেই, ধাৰো মৰিব, সম্পত্তিও ৰ’ব। নহলে যদি গোচৰত ডিক্ৰী কৰি সম্পত্তি নীলাম কৰে, তেনেহলে একো নাথাকিব।

 কাতি–মিছামিছিকৈ কি কেপ্‌কেপাই থাক? কোনে ক’লে মোৰ সম্পত্তি নীলাম কৰিব বুলি? কাৰ সাহ আছে মোৰ বস্তুত হাত দিবলৈ? কোনে এইবোৰ মিছা কথা উলিয়াই ফুৰিছে? তাক পোৱা হ’লে জোতাৰে পিটিলোঁহেঁতেন।

 ললিতাই কিন্তু তেওঁৰ কপালত জুই লাগিল বুলি বুজিছিল। কিন্তু কি কৰিব! প্ৰতিকাৰৰ যে উপায় নাই! কাতৰভাবে প্ৰাৰ্থনা কৰিলে,—“ভগবান, মোৰ স্বামীৰ প্ৰতি সদয় হোৱা প্ৰভু, তেওঁৰ মতি ফিৰাই দিয়াঁ, মোৰ পোনাটিৰ উপায় কৰাঁ দয়াময়।” কথাৰ লগে লগে ললিতাৰ চকুৰ পৰা টপ টপ কৈ চকু-লো ব’বলৈ ধৰিলে, দুখ-শোকৰ একমাত্ৰ শান্তি-সুধাস্বৰূপ পুত্ৰটিক আৱেগেৰে বুকুত সাবটি ধৰিলে।

————