পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২৯৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সাধনা

  কথাৰ লগে লগে ললিতাৰ চকুৰ পৰা সৰ্ সৰ্ কৰে চকু লো বাবলৈ ধৰিলে; তেওঁৰ বাক্‌ৰোধ হ’ল। ললিতাৰ কথাই কাতিৰামৰ মনৰ অলপো পৰিবৰ্ত্তন ঘটাব নোৱাৰিলে, বৰং তেওঁ বিৰক্ত হৈ উঠিল, আৰু ডাবি দি ক’লে,—“যা যা, ভিতৰলৈ যা, ইয়াত কেপ্‌কেপাই নাথাকিবি। তই ক’লি বুলিয়েই মই ভিকহু হবলৈ নাযাওঁ।”

 এই বুলি কৈয়েই সেই ৰোৰুদ্যমানা স্ত্ৰী আৰু কোলাত উঠিবলৈ হাত মেলা শিশু সন্তানটিক অৱজ্ঞা কৰি কাতিৰাম বেগেৰে তাৰ পৰা গুচি গ’ল।

 তেতিয়াৰে পৰা ললিতাই আৰু তেনে চেষ্টা কৰা নাই৷ নীৰৱ ভাষাৰে বুজাবলৈ বহুত চেষ্টা কৰিহে, অসহ্য মৰ্ম্মবেদনাত বহুত দিন নীৰৱে কান্দিছে, পুত্ৰৰ ভৱিষ্যৎ চিন্তাত আকুল হৈ ভোক-পিয়াহ পাহৰিছে, স্বামী মঙ্গলৰ নিমিত্তে নানা দেৱতাৰ পূজা কৰিছে; কিন্তু বিধাতাৰ ইচ্ছা অন্যৰূপ। কাতিৰামৰ স্বভাৱৰ পৰিবৰ্ত্তন নহ’ল, ললিতাৰ ভাগ্য-চক্ৰ নুঘুৰিল৷

 লাহে লাহে ললিতাৰ কাণত পৰিল—এই অলপ দিনৰ ভিতৰতে কাৰ্ত্তিকচন্দ্ৰ ভূঞাৰ পৈতৃক জমা টকা যি ঢুকালেই, আকৌ সৰ্ব্বানন্দৰ গোলাত চাৰি হেজাৰ টকা ধাৰ হ’ল। ললিতাই আকুল কণ্ঠেৰে কলে,—“প্ৰভু, কি কৰিলা! মোৰ পোনাটিৰ দশা কি কৰিলা জগদীশ্বৰ।”

 এই বাতৰি পাই কাতিৰামক মাক আৰু ললিতাই আকৌ এবাৰ কান্দি-কাটি বুজনি দিলে, কিন্তু কাতিৰামে তালৈ কৰ্ণপাতকে নকৰিলে। ললিতাই কলে,—“যি হ’ব লগা আছিল হ’ল, তাক আৰু নোহোৱা কৰিব নোৱাৰি। এতিয়া কি কৰিলে আকৌ মূৰ ডাঙিব পাৰি, তাৰেহে চিন্তা কৰিব লাগে। মইনো কি জানো। তেওঁ মই ভাবিছোঁ, দিব লগা টকাখিনিৰ মাহে মাহে অলপ অলপকৈ দিম বুলি বন্দৱস্ত

—২৮৮—