দুৰ্ভগীয়া
সেই অশান্তি আৰু বাঢ়ি উঠিছিল। এতিয়া তেওঁৰ মুখত আগৰ সেই প্ৰফুল্লতা নাই, কাম-বনত উৎসাহ নাই, পিন্ধন-উৰণত লাগ-বান্ধ নাই। তেওঁৰ মনত কি দুখ, মুখ ফুটাই কাকো ক’ব নোৱাৰে। যেতিয়া ৰাতি দুপৰত চকুলোৰে সৈতে বাটলৈ চাই চাই আমন-জিমনকৈ দুৱাৰ-মুখত খাপ লৈ থাকে, ঢলংপলংকৈ ঘৰলৈ ওলটা কাতিৰামৰ যদি তেতিয়া অলপপা বোধশক্তি থাকিলহেঁতেন, তেনেহলে নীৰৱভাষাৰে কোৱা ললিতাৰ বহুতো কথা তেওঁৰ কাণত পৰিলহেঁতেন। আকৌ সন্ধ্যা সময়ত কাতিৰাম ওলাই যাবলৈ ধৰোঁতে কোঁচত লৰাটো লৈ তাক ৰ লাগি চাই ঘনে ঘনে চুমা খাই যেতিয়া ললিতা আগত উপস্থিত হয়, তেতিয়া তেওঁৰ চকুৰ কোণত কিমান মৰ্ম্ম-বেদনা, কিমান অন্তৰৰ গুপুত কাহিনী বিৰিঙি ওলায়, তাক উন্মত্ত কাতিৰামে কি বুজিব! যদি বুজিলেহেঁতেন, একে দিনাই তেওঁৰ সেই স্বভাৱ এৰি ললিতাৰ হাতত ধৰি ক্ষমা খুজিলেহেঁতেন।
কিন্তু কাতিৰামৰ মন তেতিয়া সুৰাদেৱীৰ উপাসনাত উত্ৰাৱলা আন কথা ভাবিবলৈ অৱসৰ ক’ত। এদিন মাথোন ললিতাই গিৰিয়েকৰ ভৰিত পৰি, চকু-লোৰে দুয়ো গাল তিয়াই তেওঁৰ মনৰ কথা কৈছিল, নিজৰ আৰু লৰাটোৰ মূৰে শপত দি কাতিৰামক তেওঁৰ দল পৰিত্যাগ কৰিবলৈ খাটিছিল, সোণৰ সংসাৰ ছাইত পৰিণত নকৰিবলৈ কাবৌ কৰিছিল, কিন্তু সকলো মিছা হ’ল। কাতিৰামে খঙেৰে ক'লে,-“এইবোৰ কথাত তিৰুতাৰ প্ৰয়োজন কি? খাবলৈ ভাত, পিন্ধিবলৈ কাপোৰ, থাকিবলৈ ঘৰ পাইছ, আৰু কি লাগে? নে মই তোৰ আঁচলত ধৰি থাকিব লাগে?”
ললিতা—মোক একো নালাগে। কিন্তু ধনবোৰ আপুনি যেনেকৈ উৰুৱাইছে, তেনেকৈ হ'লে এই পোনাটিৰ দশা কি হ’ব! এনেকৈ তুলা
উৰুওৱা দি উৰুৱালে এই ধন, এই সম্পত্তি কেই দিন থাকিব!
-২৮৭-