পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২৮৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সাধনা

গোৱালপাৰালৈ গলতে তাৰ পশু-স্বভাৱ আকৌ ওপৰ উঠিল। যদিও মোৰ দোষতেই সি এনেকৈ লাই পালে তথাপি সেই দোষ মই দোষ ভাবে কৰা নাছিলোঁ। আপুনি মোক ক্ষমা কৰিবনে? মই অলপো লুক-ঢুক নকৰাকৈ সকলো কথা আপোনাক জনালোঁ, লগতে শিৱৰ পৰা পোৱা চিঠিবোৰ পঠিয়ালোঁ। আপুনি বিশ্বাস কৰক, মই কোনো পাপ-ইচ্ছাৰে তালৈ চিঠি লিখা নাছিলোঁ। শিৱৰ চিঠিবোৰতে আপুনি তাৰ প্ৰমাণ পাব। শেহত মোৰ আপোনাৰ ওচৰত এয়েই বিনীত নিবেদন—যেন আপুনি মোৰ সকলো দোষ মাৰ্জ্জনা কৰি মোক ৰক্ষা কৰে। শিৱৰ পৰা মোৰ অমঙ্গলৰ ভয় দিনে দিনে বাঢ়িছে; আপুনি দয়া নকৰিলে,—জ্ঞানহীনা বুলি সকলো অপৰাধ মাৰ্জ্জনা নকৰিলে, মোৰ ৰক্ষাৰ উপায় নাই। আপুনি যেন সকলো সময়তে চকু ৰাখে, এয়ে মোৰ কাতৰ অনুৰোধ। আপুনি এই বিষয়ে প্ৰশ্ন কৰাৰ পৰা বুজিছোঁ, তাৰ কিবা বিশেষ কাৰণ আছে। অনুগ্ৰহ কৰি জানিবলৈ দিবনে?

 প্ৰভাৱতীৰ চিঠি চমুকৈ এই। দীনৱন্ধুৱে চিঠিখন শিৱৰ চিঠি- বোৰৰ লগত মিলাই পঢ়ি চালে; তেওঁৰ মুখত তেতিয়া এটা ঘৃণা আৰু খঙৰ চিন বিৰিঙি পৰিছিল। দীনবন্ধুৱে এতিয়া হে বুজিব পাৰিলে এই শিৱ কি ভয়ঙ্কৰ মানুহ। তেওঁ নিজে খিৰিকী ভাঙি প্ৰভাৰ ঘৰত সোমাবলৈ গৈ আন মানুহক ধৰিবলৈ গৈছিল বুলি কৈছে আৰু ভৱিষ্যতলৈকো ধৰিবৰ চেষ্টা কৰিব বুলি দীনবন্ধুৰ কাণ ছুৱাই থৈছে। নিজে পাপ ইচ্ছা লৈ যত্ন কৰোঁতে কেনেবাকৈ ধৰা পৰিলে সাৰিবৰ কি ফিকিৰটো আগ ধৰি কৰি থৈছে চোৱাঁ।

 দীনবন্ধুৱে সকলো কথা প্ৰভাৱতীক জনাই তেওঁক সতৰ্ক হৈ থাকিবলৈ ক’লে, আৰু আগলৈ এনে মানুহৰ লগত সম্পৰ্ক ৰখা দেখিলে

তেওঁ নিজে আঁতৰ হ’ব বুলিও জনালে।

-২৭৮-