দশম অধ্যায়
কপট বন্ধু
শিৱৰামে সাৱধান কৰি দিয়াৰ পিচতে দীনবন্ধুৱে শিৱই কোৱা কথাবোৰ বাহিৰত আলোচনা হোৱা শুনি তাৰ তথ্য অনুসন্ধান কৰিবলৈ ইচ্ছা কৰাৰ কথা ওপৰত কোৱা হৈছে। যেনে ইচ্ছা তেনেকৈ কাম হোৱাত বিশেষ একো কষ্ট কৰিব লগা নহল। তেওঁ দুই এজন বিশ্বাসী মানুহৰ সাহায্যেৰে পিচ দিনাই তাৰ সকলো তলা-নলা উলিয়াই পেলালে। এইবোৰ কথাৰ প্ৰচাৰক স্বয়ং শিৱৰাম শৰ্ম্মা। তেওঁ সেই- দিনা এইবোৰ কথা লৈ তেওঁৰ ছাত্ৰীৰ লগত গল্প কৰিছিল আৰু মাক- বাপেকহঁতকো কৈছিল; আনফালে তেওঁৰ লগৰীয়াদলৰ লগতো আলোচনা কৰিছিল। তাৰ ফলত দুই-এঘণ্টাৰ পিচতে এইবোৰ আলোচনাই নগৰৰ ইমূৰৰ পৰা সিমূৰলৈকে জুৰিছিল। দীনবন্ধু যদিও এইবোৰ কথাত বৰকৈ বিচলিত হোৱা নাছিল, তথাপি এনে কাৰ্য্যত শিৱৰামৰ স্বাৰ্থ কি জানিবলৈ একান্ত আগ্ৰহ জন্মিল। তেওঁ সেই দিনাই প্ৰভাৱতীলৈ এখন চিঠি লিখি শিৱৰামৰ লগত তেওঁৰ কিবা সম্পৰ্ক আছে নে নাই সুধি পঠিয়ালে। সেই দিনা প্ৰভাৰ পৰা কোনো উত্তৰ নাহিল। পিচ দিনাখন পুৱাতে দীনবন্ধুৱে প্ৰভাৱতীৰ পৰা এখন প্ৰকাণ্ড চিঠি আৰু এটা চিঠিৰ টোপোলা পালে। চিঠিখন সম্পূৰ্ণৰূপে ইয়াত দিয়া অসম্ভৱ। তাৰ সাৰ মৰ্ম্ম এই,—“শিৱৰাম মোৰ ঢাপৰ দাঁতিতে থকাৰ বাবে ওলাওঁতে সোমাওঁতে প্ৰায়েই দেখা পাওঁ। মই অহাৰ পিচত তেওঁ প্ৰায়ে মোৰ ঘৰলৈ চাই বহি বহি সময় কটাইছিল, আৰু পিচত দল গোট খালত-মই শুনাকৈ নানা প্ৰকাৰৰ কুৎসিৎ কথা