ৰেল-যাত্ৰী
লক্ষ্মী—কেনেকৈ জানিলা?
জ্ঞান—জনাকৈ জনা নাই, তথাপি সন্দেহ হয়।
লক্ষ্মী—কিয়?
জ্ঞান—কাৰবাৰ চিঠি এখন পঢ়ি কন্দা দেখিছিলোঁ।
লক্ষ্মী—কন্দাৰ কাৰণ কি?
জ্ঞান—ঠিককৈ কোৱা টান; তথাপি মোৰ বোধ হৈছিল, সেই চিঠিৰ লিখকজনৰ লগত কিবা মতান্তৰ ঘটিছিল, অথচ এৰি আহিবলৈকো টান পাইছিল।
লক্ষ্মী—চিঠিখন ক’ৰ পৰা আহিছিল?
জ্ঞান—নামটো নাজানো, মানুহটো ওচৰতে থাকে।
লক্ষ্মী—বুজিছো, সেই পাষণ্ডয়েই সকলো অনৰ্থৰ মূল।
ৰম্ভা—কাৰ কথা কৈছে মই এতিয়াও বুজা নাই।
লক্ষ্মী—আৰু কাৰ কথা কব! এতিয়াও বুজা নাইনে কোনে আমাৰ সকলো চেষ্টা মাটি কৰিছে?
ৰম্ভা—তেনেহলে দীনবন্ধু।
লক্ষ্মী—নহয়নো কি?
জ্ঞানেন্দ্ৰই তেতিয়া দীনবন্ধুৰ সবিশেষ কাহিনী শুনিবলৈ ইচ্ছা কৰিলত লক্ষ্মীকান্তই তেওঁৰ বিস্তাৰিত বিবৰণ দিলে। তাৰ পিচত ক’লে,-“যোৱা কথা গ’ল, তাৰ কথা আলচ কৰি থাকিলে কি হ’ব! এতিয়া বৰ্ত্তমান বিষয়ৰ আলোচনা কৰা যাওক। তুমি মিশ্যন স্কুলৰ কামৰ সম্পৰ্কে সকলে বন্দৱস্ত কৰি থৈছা নহয়?”
জ্ঞান—মই আমাৰ চাহাবক কৈ সকলো ঠিক কৰি ৰাখিছোঁ। চাহাবক কিমান খাটি-লুটি মান্তি কৰাইছো, তাক তোমালোকে কি বুজিবা। নহলে কলিকতা হেন নগৰত চাকৰি পায় বুলি ভাবানে?