ৰেল-যাত্ৰী
গাড়ী, ঘৰ-ঘৰকৈ চলিবলৈ ধৰিলে। গাড়া-ঘোঁৰা, ট্ৰাম আৰু মটৰৰ তুমুল কোলাহলত সহজে একোকে নুশুনি: ফুটপাথত মানুহৰ ভিৰ ততোধিক। যাত্ৰী দুজনৰ এজন যুৱক আৰু ইজনী যুৱতী; যুৱতী আগেয়ে কেতিয়াও কলিকতালৈ অহা নাছিল। বাটত মানুহ-দুনুহ, গাড়ী-ঘোঁৰা, ট্ৰাম আৰু মটৰকাৰৰ গমনাগমন দেখি তেওঁ তাত কিবা উৎসৱ হৈছে বুলি মনে মনে অনুমান কৰিছিল। বাটৰ দুয়ো দাঁতিয়ে যিমানলৈকে দেখা যায়, ঘৰৰ ওপৰতে ঘৰ মাথোন। যুৱতীয়ে দুয়ো ফাললৈ চাবলৈ ধৰিলে; বিজ্ঞাপন পৰিশোভিত সৌধমালাৰ সাজ-সজ্জা দেখি তেওঁৰ চক্ষু স্থিৰ হৈছিল, আৰু কলিকালত কলিকতায়েই স্বৰ্গ বুলি আপোনাআপুনি ভাবি গৈছিল। তেওঁ কলিকতাৰ ষ্টাৰ, মিনাৰ্ভা আদি কেইটামান থিয়েটাৰৰ নামৰ বাহিৰে আন একো নাজানিছিল। বাটত ডাঙৰ ঘৰ দেখিলেই এইটো কি ঘৰ, সেইটো কি ঘৰ কৈ প্ৰশ্ন কৰিছিল আৰু মাজে মাজে ষ্টাৰ বা মিনাৰ্ভা থিয়েটাৰৰ ঘৰটো কিমান দূৰৈত, কোন ফালে আছে ইত্যাদি সুধি সুধি সঙ্গী দুজনক অস্থিৰ কৰি তুলিছিল।
কিছু সময়ৰ পিচত গাড়ীখন মুক্তাৰাম বাবুৰ লেনত থকা ১১৮ নম্বৰ ঘৰটোৰ মুখত ৰ’ল। ঘৰটোৰ অৱস্থা অতিশয় জীৰ্ণ, মাজে মাজে দুই এচপৰা ইটাও খহিছে; চালৰ ওপৰতত ফাটে ফাটে গছপুলি গজিছে। বোধকৰোঁ, কেইবা বছৰৰ এই ঘৰটোৰ সংস্কাৰ হোৱা নাই। ঘৰৰ আগত থকা নম্বৰটোৰ চিন আধা-আধি মৰিছে, নতুন মানুহে তাক সহজে মাতিব পৰাৰ সম্ভাৱনা নাই। আৰোহী কেইজন গাড়ীৰ পৰা নামি এই ঘৰটোতে প্ৰবেশ কৰিলে। তেওঁলোক যিটো খোটালিত বহিল, তাত খনচেৰেক আধা ভগা চকি আৰু এখন দেৱালত হেঁচা দি পোনাই ৰখা তিনি ঠেঙীয়া মেজ আছিল,
তাৰ ওপৰতে এটা লেম্প।
-২৬৭-