পৈতৃক বুৰঞ্জীয়েই এই আহুকালৰ গুৰি। পানীৰামৰ লগত এই কোমলাঙ্গী দুজনাৰ মিলন, তেওঁলোকৰ পূৰ্ব্ব কাহিনী আৰু বৰ্ত্তমান সংসাৰযাত্ৰাৰ বিবৰণ ইমান বহুল, এনে ৰহস্য-বিজড়িত যে তাৰ বৰ্ণনা দিবলৈ এখন ডাঙৰ গ্ৰন্থ লিখাৰ প্ৰয়োজন, অথচ সুসভ্য পাঠকসকলে ব্ৰীড়া অনুভৱ নকৰাকৈ তাক পাঠ কৰিবও নোৱাৰিব। সেই কাৰণে পানীৰামৰ ঘৰুৱা জীৱনৰ এইছোৱা কাহিনী বাদ দি ইয়াকে কলেই হব যে কালক্ৰমত বৰ ঘৈণীয়ে এটি পুত্ৰ, দুটি কন্যা, আৰু সৰু ঘৈণীয়ে এটি কন্যাৰে সৈতে পানীৰামৰ ঘৰ উজ্জ্বল কৰিলে। বৰ ঘৈণীৰ লৰাটোৰ নাম লক্ষ্মীকান্ত আৰু ছোৱালীকেইজনীৰ নাম ক্ৰমান্বয়ে উৰ্ব্বশী আৰু কুসুমকুমাৰী, সৰু ঘৈণীৰ ছোৱালীটীৰ নাম ৰম্ভা। কি মিল ৰাখি এই নামকেইটা ৰখা হৈছিল তাক পানীৰামেই হে জানে।
পেস্কাৰ কামত থাকি পানীৰামে বহুত ধন ৰাহি কৰিলে। তেওঁ ইমান কৃপণ আছিল যে অৱস্থা ভাল কৰিও খোৱা-বোৱা আদি ঠিক সৰু কালৰ ভিকহু অৱস্থাত চলোৱাৰ দৰেই চলাইছিল। এনেকৈ ধন ৰাহি কৰি অলপ দিনতে তেওঁ তিনটা ভাল টিনৰ ঘৰ সজালে আৰু এখন ডাঙৰ পাম লৈ তাত খেতি-বাতি কৰাবলৈ ধৰিলে। এই পামখন লোৱাৰ পিচতে সৰু ঘৈণী ঘৰৰপৰা বেলেগ হৈ গৈ পামত বহিল। তেতিয়াৰে পৰা তেওঁ পানীৰামৰ ঘৰত ভৰি দিয়া নাই; কিন্তু পানীৰাম মাজে মাজে গৈ দুই এদিন তেওঁৰ তাত থাকি আহে। পামত থকা কালত তেওঁৰ দুটি পুত্ৰ জন্মিছিল।
পানীৰামে লক্ষ্মীকান্তক স্কুলত পঢ়াই এন্ট্ৰেন্স পাচ কৰালে, আৰু কাছাৰীৰ কাম এটাত সুমুৱাই দিলে। অলপ দিন হৈছে বোৱাৰীও ঘৰ সুমুৱাইছে। ছোৱালীকেইজনীৰ ভিতৰৰ ৰম্ভাক মাথোন পঢ়োৱা হৈছিল। তেতিয়া ওচৰত অসমীয়া বালিকাস্কুল নাছিল, কিন্তু ৰম্ভা এনে ধুনীয়া ছোৱালী আছিল যে ভালকৈ লিখা-পঢ়া শিকাব পাৰিলে