পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২৬৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অষ্টম অধ্যায়

শিৱৰাম শৰ্মা

 দীনবন্ধু গোৱালপাৰাৰ পৰা ঘূৰি অহাৰ কিছু দিনৰ পিচতে স্কুলৰ নতুন ঘৰ সম্পূৰ্ণ হ'ল। এতিয়া সেই ঘৰতে স্কুল বহিছে। শিক্ষয়িত্ৰী প্ৰভাৱতী আৰু উষা।

 আজি-কালি প্ৰভাৱতীৰ পৰা দীনবন্ধুলৈ প্ৰায় দিনৌ একোখন চিঠি আহে, আৰু দীনবন্ধুৰ পৰাও তেনেকৈয়ে উত্তৰ যায়। এনেকৈ চিঠিৰ চলাচল দেখি বহুতে হয়তো সেইবোৰ প্ৰেমপত্ৰ বুলি ভাবিব পাৰে, কিন্তু বাস্তৱিক তাত তেনে কথাৰ নাম-গোন্ধা নাথাকে। থাকে মাত্ৰ স্কুল-পৰিচালনা আৰু শিক্ষয়িত্ৰীৰ চলন-ফুৰণৰ সম্পৰ্কে আলোচনা। প্ৰভাই আজিকালি দীনবন্ধুক নজনোৱাকৈ অতি সামান্য কামতো হাত নিদিয়ে, আন কি, ওচৰ-চুবুৰীয়াৰ ঘৰলৈকো নাযায়; সেই দেখিয়েই ইমান ঘনাই চিঠি লিখিব লগাত পৰে৷

 চিঠিৰ এনেকুৱা চলাচল এজন মানুহে বিশেষভাবে লক্ষ্য কৰিছিল। তেওঁ এজন স্কুলৰ পণ্ডিত, নাম শিৱৰাম শৰ্ম্মা। তেওঁৰ ঘৰ নগাওঁ কি গোলাঘাট অঞ্চলৰ কোনোৱা গাঁৱত। শিক্ষাত এওঁ এণ্ট্ৰেন্স ‘পাছ’? বয়সত ভৰ ডেকা, বিয়া হোৱা দুবছৰমান হৈছে। প্ৰভাৱতীৰ ঘৰৰ ঢাপৰ দাঁতিতে থকা মাটি এডোখৰ খাজানা ভৰাকৈ লৈ তাতে এটা বহা সাজি বাস কৰিছে। তাকৰীয়া দৰমহাই নোজোৰে দেখি চাকৰ ৰখা নাই আৰু ঘৈণীয়েককো অনা নাই। পাৰিলে দুপইচা ৰাহি কৰিবৰ ইচ্ছাৰে “প্ৰাইভেট টুইশ্যন” এটাও মাহিলি চাৰি টকাত বন্দৱস্ত কৰি লৈছে। ছাত্ৰী এজনি বালিকা- ভূতনাথৰ কন্যা। তেওঁ এটা লৰা পঢ়াবলৈ লোৱা হলে ইয়াতকৈ

—২৬১—