পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২৬৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সপ্তম অধ্যায়

নিশাচৰ

 সেই দিনা নগৰত কিবা উপলক্ষে থিয়েটাৰ হৈছিল। দৰ্শকৰ সংখ্যা নিতান্ত কম নহলেও বৰ বেচিও হোৱা নাছিল। কাৰণ দূৰণিবটীয়া মানুহ প্ৰায়ে অহা নাছিল। বেচি ভাগ দৰ্শকেই নগৰীয়া ডেকা৷

 দৰ্শক কম হলেও অভিনয় বেয়া হোৱা নাছিল; অন্ততঃ দৰ্শক সকলৰ মুখত প্ৰশংসাৰ ধ্বনি শুনা গৈছিল। প্ৰত্যেক অঙ্কৰ শেষত দৰ্শকসকলৰ অধিকাংশ বাহিৰলৈ ওলাইছিল, আৰু বাহিৰত পতা দোকানকেইখনত চাহ, চিগাৰেট, নাইবা তামোল কিনি খাইছিল। তৃতীয় অঙ্কৰ অন্তত যিবোৰ মানুহ বাহিৰলৈ ওলাইছিল, ঘূৰি সোমাওঁতে তাৰ ভিতৰত এজন পাচ পৰিল। তেওঁৰ আৰু ভিতৰলৈ সোমোৱা নহ’ল; সকলো ভিতৰ সোমালত তেওঁ লাহে লাহে আলিলৈ উঠিল।

 তেতিয়া ৰাতি প্ৰায় এক বাজিছিল। থিয়েটাৰ ঘৰৰ বাহিৰে আন ঠাইত কাৰৰ সাৰ-সঁহাৰি নাই; সকলে নিদ্ৰাদেৱীৰ কোলাত লাল-কাল। নিশাচৰ জন্তু আৰু জন্তু স্বভাৱৰ দুই-এজন মানুহ মাথোন তেতিয়া সজাগে আছিল; অথবা কাৰবাৰ পিৰালি বা বাৰীচুকত খাপ লৈছিল। তাৰ বাহিৰে নগৰৰ আলিবাটত দুই-এটা ‘পাহাৰাৱালা ঘূৰিছিল। বাটৰ দাতিত ক’ৰবাত ক’ৰবাত মিউনিচিপেলিটিৰ চাকিয়ে ঢিমিক-ঢামাককৈ পোহৰ দিছিল।

  থিয়েটাৰৰ পৰা ওলোৱা মানুহজন লাহে লাহে যাবলৈ ধৰিলে। ক্ৰমশঃ তেওঁৰ বেগ বেচি হৈ আহিল। অলপ সময়ৰ পিচত তেওঁ

—২৫৭—

১৭