শিক্ষয়িত্ৰীৰ অপযশ
সেই কাৰণে স্কুল-কমিটিয়ে ঊষাক দ্বিতীয় শিক্ষয়িত্ৰীৰূপে পাবলৈ ইচ্ছা কৰি দেউতাকলৈ লিখিছে। দেউতাকে সেই বিষয়ে মোৰ মত সুধিছিল, মই একো স্থিৰ কৰিব নোৱাৰিহে তোমাক সুধিলোঁ।
দীনবন্ধুৱে অলপ আচৰিত হৈ সুধিলে,—“কিয়, উষা জানো ইয়াতে থাকিব?”
উমা—ইয়াত নাথাকিনো কলৈ যাব?
দীনবন্ধু অধিকতৰ বিস্মিত আৰু আচৰিত হৈ ক'লে,—“মই তোমাৰ কথা ভালকৈ বুজা নাই। উষাৰ জানো বিয়া হৈ যোৱা নাই? মই গোৱালপাৰাত থাকোঁতে তুমিয়েই দেখোন সেই খবৰ দিছিলা। সেইমতে যোৱা সপ্তাহতে বিয়া হৈ যাব লাগিছিল।”
উমা–যাব লাগিছিল, কিন্তু নগ’ল।
দীন—কিয়?
উমা—এই বিয়া উষাৰ অমতে পতা হৈছিল আৰু সকলো আয়োজন গোপনে কৰা হৈছিল, কিন্তু সময়ৰ আগতে তাই গম পালে। তাই দৃঢ়ভাবে বিবাহৰ কন্যা হবলৈ অস্বীকাৰ কৰিলে। যিজনী ছোৱালীয়ে বাপেকৰ কথাৰ ওপৰত কথা নকয়, অকল মূৰ জোকাৰি নাইবা চকুলো টুকিয়েই সমিধান দিয়ে, সেই ছোৱালীজনীৰ ইমান সাহ, ইমান দৃঢ়তা মুহূৰ্ততে ক’ৰ পৰা আহিল, ক’ব নোৱাৰোঁ, বাপেকৰ হাজাৰ তৰ্জ্জন- গৰ্জ্জন, উপদেশ-অনুৰোধ উপেক্ষা কৰি বিবাহৰ প্ৰস্তাৱ দলিয়াই পেলাই ক'লে,—“আপুনি এই আয়োজনেৰে মোৰ শ্ৰাদ্ধ কৰিব পাৰিব, বিয়া দিব নোৱাৰে।” মাত্ৰ একেষাৰ কথা, কিন্তু সেই প্ৰতিজ্ঞাৰ পৰা লৰাবলৈ কাৰো সাধ্য নহ'ল। অগত্যা বিয়া ভাগিল। তুমি বোধকৰোঁ বুজিছা কিয় উষাই তেনে কৰিলে।
দীনবন্ধুৱে কোনো উত্তৰ নিদিলে; তলমূৰ কৰি তেওঁ চিন্তিত হল। উমাই সেই বিষয়ে আৰু কোনো কথা উলিওৱা উচিত নহয় বুলি আগৰ
-২৫৫-