শিক্ষয়িত্ৰীৰ অপযশ
বুলি মানুহৰ তেনে ধাৰণা সেই কুমাৰী শিক্ষয়িত্ৰীৰ ওপৰতহে, বিবাহিতা- সকলৰ ওপৰত নহয়।
উমা—তেনেহলে এনে অৱস্থাত কি কৰা উচিত
দীন—এনে অৱস্থাত সকলো সম্প্ৰদায়ৰ তিৰুতাক জাতীয় আদৰ্শত শিক্ষা দিবলৈ যত্ন কৰা সকলো শিক্ষিত দেশবাসীৰ কৰ্ত্তব্য।
উমা—কিন্তু তেনে জাতীয় আদৰ্শ বিদ্যালয় হবলৈ এতিয়াও বহুত দিন আছে। বৰ্ত্তমান প্ৰচলিত বিদ্যালয়বিলাকক এনে কলঙ্কৰ পৰা মুক্ত কৰিব পাৰি কেনেকৈ?
দীন—কলঙ্কৰ মূল-উচ্ছেদ কৰিব পাৰিলেই সকলো সুকলমে চলিব। এইবোৰ কলঙ্কৰ মূলত এফালে যেনেকৈ স্বাধীনা যুৱতী, আনফালে তেনেকৈ সংযমশূন্য দুৰ্জ্জন পুৰুষ। এই দুয়ো পক্ষকে আঁতৰাই ৰাখিলেই ব্যভিচাৰৰ বীজ ধ্বংস হ’ব। সেই কাৰণে মোৰ মতে হয় শিক্ষয়িত্ৰী বিবাহিতা হ’ব লাগিব, নহয় নিয়ম-প্ৰণালীৰ শাসনৰ তলতীয়া হ’ব লাগিব। যি দেশত অবৰোধ প্ৰথা নাই, তাত শিক্ষয়িত্ৰীৰ স্বাধীনতাত হস্তক্ষেপ নকৰিলেও চলিব পাৰে; কিয়নো তাত যুৱক- যুৱতীৰ সন্মিলন সচৰাচৰ ঘটি থাকে। আমাৰ দেশত কিন্তু তাৰ বিপৰীত। আত্মীয় নহলে যুৱক-যুৱতীৰ দেখা শুনা পৰ্য্যন্ত নহয়, আৰু কৰবাত হলেও তাত বাসনাৰ চেঁকা থাকে। এনে সমাজত যদি এই দুই এজনী কুমাৰীয়ে স্বাধীনতাৰ সাহায্য লৈ যেই সেই পুৰুষৰ লগত নিভৃতে সাক্ষাৎ কৰিবলৈ ধৰে, তেন্তে অলপ দিনৰ ভিতৰতে কি ঘটনা ঘটিব পাৰে, তাক ভাবি চোৱা। বৰ্ত্তমানৰ শিক্ষা, আৰু সমাজত পুৰুষ-স্ত্ৰীৰ সম্বন্ধলৈ চাই এনে প্ৰলোভনৰ হাত সাৰিব পৰা কোনোবা আছে নে নাই সন্দেহ। ক'ৰবাত দুই-এজন থাকিলেও সৰ্ব্বসাধাৰণে তেওঁলোককো দলৰ লগত মিলাই লবলৈ বাধ্য হয়।
উমা–তেনেহলে তোমাৰ মতে অবিবাহিতা কুমাৰী শিক্ষয়িত্ৰী হ'লে
-২৫৩-