শিক্ষয়িত্রী অপযশ
তেওঁলোকৰ বিশেষত্বটো বেগাই মানুহৰ চকুত পৰে। দ্বিতীয়তে নিম্নশ্ৰেণীৰ মানুহতকৈ উচ্চশ্ৰেণীৰ মানুহ অবৰোধ প্ৰথাৰ বেচি পক্ষপাতী; সেই কাৰণে শিক্ষিতা তিতাৰ বেচি ভাগ এই নিম্নশ্ৰেণীৰ নাইবা দেশী খৃষ্টানৰ ভিতৰত পৰে। পুৰুষৰ হ'লে উচ্চ শ্ৰেণীৰ ভিতৰতহে শিক্ষিত সংখ্যা বেচি। আকৌ পুৰুষৰ শিক্ষা নিজৰ ঠাইত, নিজৰ দেশৰ, নিজৰ ধৰ্ম্মৰ মানুহৰ তলতেই প্ৰায়ে আৰম্ভ হয়, কিন্তু স্ত্ৰী-শিক্ষাৰ সকলো ঠাইতে সুচল নথকাত ছোৱালীহঁতক হয় লৰাৰ স্কুলত, নাইবা বিজাতীয় বিধৰ্ম্মী শিক্ষক-শিক্ষয়িত্ৰীৰ তলত স্থানান্তৰত শিক্ষা দিয়া হয়, ধৰা কোনোবা মিশ্যনেৰী স্কুলত। অকল এয়ে নহয়, শিক্ষিত মহিলাসকলে প্ৰায়ে বিলাতী মেমৰ আদৰ্শত চলিবলৈ বিচাৰে, কিন্তু মতা-তিৰুতা সকলো যেতিয়ালৈকে সুশিক্ষিত নহয়, তেতিয়ালৈকে তেনে চলন- ফিৰণৰ পৰা ব্যভিচাৰ দোষ ঘটাৰ ভয় আছে। এতিয়া এই কেইটা কথা অলপ দকৈ গমি চালেই শিক্ষয়িত্ৰীৰ অপযশৰ বহুতো কাৰণ দেখিবলৈ পাবা! তুমি জানা যে ভাৰতীয় জাতি-বিভাগ আন দেশৰ নিচিনাকৈ অৱস্থাৰ ওপৰত নিৰ্ভৰ নকৰি গুণ আৰু কৰ্ম্মৰ ওপৰত নিৰ্ভৰ কৰে; তাৰ পৰাই সহজে বুজা যায় যে যি জাতত নীহ, সি সাধাৰণতঃ গুণতো নীহ আৰু চুবুৰীয়াসকলো তেনে হলে আদৰ্শতো নীহ; কেতিয়াবাহে ইয়াৰ ব্যতিক্ৰম দেখা যায়। ভাল শিক্ষা নহলে এনে মানুহ উন্নত চৰিত্ৰৰ অধিকাৰী হৈ উচ্চ বৰ্ণ লাভ কৰা এক প্ৰকাৰ অসম্ভৱ। সেই বুলি মই কোৱা নাই যে মানুহ সদায় একে সীমাৰ ভিতৰতে আবদ্ধ থাকিব, কিন্তু বংশানুক্ৰমিক কুসংস্কাৰৰ হাত এৰাই ওপৰলৈ উঠিবলৈ যে সজ শিক্ষা আৰু সাধনা লাগিব, তাত কোনো সন্দেহ নাই। এনে মানুহ সাধাৰণতঃ উচ্চ শ্ৰেণীৰ মানুহতকৈ বেচি অসংযত, সেই কাৰণে প্ৰকৃত মানুহ কৰি গঢ়ি তুলিব খুজিলে, এওঁ-
লোক সংযম-শিক্ষা দিয়াই প্ৰধান কৰ্ত্তব্য। কিন্তু আধুনিক শিক্ষা-
—২৫১—