পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২৫১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কবিৰ প্রেম

আৰু বেনামী চিঠিৰ প্ৰচাৰক বুলি শুনোতেও মোৰ তাত সম্পূৰ্ণ বিশ্বাস জন্মা নাছিল, কিন্তু যেতিয়া চেক্ৰেটাৰীয়ে আপোনাৰ চহিৰে সৈতে আৰ্জ্জিখন আনি দেখুৱালে আৰু সেই আৰ্জ্জিমতে কি বিচাৰ কৰিব খুজিছে, তাৰ ভিতৰুৱা খবৰ দিলে, তেতিয়া আপুনিও তেনে ষড়যন্ত্ৰত লিপ্ত বুলি ভাবি মোৰ হৃদয় ভাগি গ'ল। তথাপি বুজি নোৱাৰি আপোনালৈ এখন চিঠি লিখিলোঁ। আপুনি যদি তেতিয়াই সকলো কথা ভাঙি লিখিলেহেঁতেন! কিন্তু মোৰ দুৰ্ভাগ্যৰ গুণে আপুনি সময় নাই বুলিয়েই তাৰ উত্তৰ শেষ কৰিলে; তাৰ ফলত আপুনিয়েই ষড়যন্ত্ৰ- কাৰীদলৰ নেতা বুলি মোৰ মনত প্ৰত্যয় জন্মিল।

 এতিয়া সকলো শুনিছোঁ; আপুনি সত্যৰ সন্মান ৰক্ষা কৰি যেনেকৈ এদল ক্ষমতাপন্ন মানুহৰ বিপক্ষে থিয় দি মোক ৰক্ষা কৰিলে, তাক ভাবিলেও আপোনাআপুনি আপোনাৰ ওচৰত মূৰ দোঁ খায়। সত্যৰ জয়ৰ নিমিত্তে আপুনি যে বন্ধুক শত্ৰু কৰিবলৈ, পিশাচৰ লগত দেখা- দেখিকৈ যুদ্ধ ঘোষণা কৰিবলৈকো কুষ্ঠিত হ’ল, তাক শুনিলেও শৰীৰ ৰোমাঞ্চিত হয়। আপুনি যোৱাৰ পিচতত তেওঁলোকে বহুত দিন গোপনে পৰামৰ্শ কৰিছিল, কিন্তু কেইবাজনেও হেনো আপোনাৰ কথা শুনাৰ পিচত তেওঁলোকক সমৰ্থন কৰিবলৈ অস্বীকাৰ কৰিলে। অগত্যা তেওঁলোকে আগেয়ে আলোচনা কৰা কথা ক’বলৈ সাহ নকৰি, আপুনি যি লিখিছিল চাহাবৰ আগত তাকে ক'লে। তেতিয়া আপোনাৰ প্ৰস্তাৱকেইটাই তাত গৃহীত হ’ল। সভা হৈ যোৱাৰ পিচ দিন সন্ধ্যা সময়ত চেক্ৰেটাৰী মোৰ ঘৰলৈ আহিছিল; মই নিয়মৰ কথা কৈ তেওঁক বহিবলৈ নিদিলোঁ; তাতে তেওঁ বৰকৈ খং কৰি গুচি গ'ল। সেই দিনাৰ পৰা তেওঁ এই ফালে অহা নাই।

 হায়! মই যদি সিহঁতৰ কথালৈ কাণ নিদি আপোনাৰ উপদেশ মানি চলিলোহেঁতেন, তেনেহলে কিজানি এই কলঙ্কৰ বোজা ব’ব

–২৪৫–