পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২৫০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পঞ্চম অধ্যায়

কবিৰ প্ৰেম

 দীনবন্ধুৱে ঘৰত ভৰি দিয়েই প্ৰভাৱতীক দেখা পালে; কিন্তু ই কি! প্ৰভাৰ সেই উজ্জ্বলতা, সেই সৌন্দৰ্য্য, সেই বেশ-ভূষা একো নাই। তেওঁৰ মুখ মলিন, চকু ঘোপত সোমোৱা, চুলিবিলাক আউল- বাউল, শৰীৰ অতিশয় ক্ষীণ, যেন তেওঁ অলপতে মাথোন কিবা ৰোগৰ পৰা মুক্ত হৈছে। তেওঁ একেৰাহে দীনবন্ধুলৈ চাই থাকিল।

 দীনবন্ধুৱে অলপ সময় বিশ্ৰাম লোৱাৰ পিচত স্নান কৰিলে, আৰু চাহ জলপান খালে। এনেতে প্ৰভাৱতীৰ পৰা এখন কাপোৰেৰে ঢকা থাল আৰু এখন চিঠি আহিল। থালখনত কেইবা বিধৰো খোৱা বস্তু সুন্দৰকৈ সজোৱা। দীনবন্ধু আহাৰৰ সদ্ব্যৱহাৰ কৰা আৰু চিঠি পঢ়া দুয়োটা কামত একেলগে লাগি গ'ল। চিঠিখন এই—

ওঁ

শ্ৰীচৰণকমলেষু,

 প্ৰথমেই মোৰ শতকোটি দণ্ডৱৎ গ্ৰহণ কৰিব। মই আপোনাৰ ওচৰত শত অপৰাধত অপৰাধিনী। মই দীন-হীনা, জ্ঞান–শূন্যা অবলা; আপুনি জ্ঞানী, সংযমী, পৰোপকাৰী মহাত্মা। মোৰ সকলো দোষ নিজ গুণে মৰিষণ কৰি মোৰ সেৱা গ্ৰহণ কৰিবনে?

 মোৰ মতিভ্ৰম হৈছিল; নহলে আপোনাৰ দৰে দেৱতাৰ কাৰ্য্যত পৈশাচিক অভিপ্ৰায় দেখিবলৈ পাওঁনে? উঃ! মোৰ যে অন্তৰ শতধা বিদীৰ্ণ হৈ গৈছে।

 প্ৰথমৰে পৰা আপোনাৰ বিৰুদ্ধে মোক বহুতে কিবাকিবি কৈছিল,

মই কিন্তু তাক বিশ্বাস কৰা নাছিলোঁ। আনকি, আপুনিয়েই বিজ্ঞাপন

-২৪৪-