মাটিৰাম পানীৰামতকৈ চাৰি বছৰৰ ডাঙৰ। পানীৰামৰ বয়স সাত বছৰ হলত মাকে তাক এখন দুখীয়া স্কুলত ভৰ্ত্তি কৰি দিলে আৰু ককায়েকক এজন ভাল মানুহৰ ঘৰত খাই-বৈ দুটকা দৰমহাৰ বন্দৱস্তত লগুৱা কৰি দিলে। বামুণীয়ে খুজি মাগি যি পায় তাৰ লগতে মাটিৰামৰ দুটকা যোগ দি কোনোমতে খোৱাৰ আৰু পানীৰামৰ কাকত-মহী আদিৰ খৰচ চলায়। এই দৰেই বাৰ বছৰ বয়সত পানীৰাম নিম্ন-প্ৰাইমাৰী পৰীক্ষাত উত্তীৰ্ণ হ’ল।
মাটিৰাম যাৰ ঘৰত আছিল, তেওঁৰ দুটা লৰাই তেতিয়া ইংৰাজী পঢ়িছিল। তাকে দেখি মাটিৰামেও ভায়েকক কেনেকৈ ইংৰাজী পঢ়াব তাৰ বিষয়ে সদায় ভাবিছিল। ভায়েক পৰীক্ষাত উঠা শুনি মাটিৰামৰ আনন্দৰ পাৰ নোহোৱা হ’ল, আৰু যেনে তেনে পঢ়াবই লাগিব বুলি ইংৰাজী স্কুলত ভৰ্ত্তি কৰি দিলে। কিন্তু আগৰ ঠাইতে থাকি ভায়েকৰ খৰচ যোগোৱা মাটিৰামৰ পক্ষে অসম্ভৱ হ’ল; সেই কাৰণে তেওঁ সেই কাম এৰি এজন বামুণৰ হালোৱা সোমাই খেতি কৰিবলৈ ধৰিলে, বন্দৱস্ত হ’ল — মাটিৰামে বামুণৰ পৰা কোনো দৰমহা নলয়? কিন্তু উৎপন্নৰ একতৃতীয়াংশ পাব। সেই মতেই খেতি কৰি আৰু লগতে অলপ অলপকৈ হাবি মাটি ভাঙি সুকীয়া খেতিতো হাত দি মাটিৰামে ঘৰ চলাবলৈ আৰু ভায়েকক পঢ়াবলৈ ধৰিলে। এনেকৈয়ে নানা কষ্টৰ মাজেদি পানীৰামে ইংৰাজী স্কুলৰ তৃতীয় শ্ৰেণীলৈকে পঢ়িলে। এনেতে মাকৰ মৃত্যু হ’ল। মাটিৰামে আন উপায় নেদেখি ভায়েকক স্কুলৰ পৰা এৰুৱাই বহুতৰ হাতে ভৰিয়ে ধৰি কোনোমতে কাছাৰীত নকল-নবীচ কৰি দিলে। সেই সময়ত জাকে জাকে এম, এ,; বি, এ, পাচ কৰা মানুহ নাছিল, কৰবাতহে দুই এজন প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ মানুহ পোৱা গৈছিল। এইবোৰ কাৰণত পানীৰামৰ পক্ষে এটা নিগাজী কাম পোৱাও টান নহ’ল; কেইবছৰমানৰ পিচতে তেওঁ দেৱানীৰ পেস্কাৰ হৈ বহিল।