পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২৪৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাধনা


ৰাখিছে। ৰম্ভাই মত দিলত মহেশে আকৌ এবাৰ তেওঁক আদৰেৰে চুমা দিলে।

 হঠাৎ বাহিৰত কাৰবাৰ পদশব্দ শুনা গ’ল; মহেশে ৰম্ভাক এৰি অলপ আঁতৰি আহিল, কিন্তু কোনো সোমাই অহাৰ গম নাপালে। কোনোৱা অলক্ষ্যে থাকি তেওঁলোকক লক্ষ্য কৰিছে বুলি তেতিয়া মহেশৰ মনত সন্দেহ হ’ল, আৰু ৰম্ভাৰ ওচৰত বিদায় লৈ প্ৰস্থান কৰিলে। ৰম্ভাই ফটো তোলোৱাৰ কথাকে ভাবিবলৈ ধৰিলে; প্ৰাকৃতিক সৌন্দৰ্য্যৰ লগত তেওঁৰ স্বাভাৱিক আকৃতিৰ সম্মিলন কেনেকৈ ৰজিতা খাব, অকল চুলি-কোছাৰ দ্বাৰা ভূষিত হৈ কেনেকৈ নিজৰ অকৃত্ৰিম শাৰীৰিক গঠন আৰু অঙ্গ-প্ৰত্যঙ্গৰ সৌন্দৰ্য্য বিকাশ কৰি নিজক বনদেবীৰ শাৰীলৈ তুলিব, সেই ভাবনাতে তেওঁ মগ্ন হ’ল।

 মহেশ পোনে পোনে ঘৰলৈ গ'ল। ভিতৰ সোমাই দেখিলে ঘৰত কাৰো গম নাই। যদিও বাকীকেইটা খোটালিৰ দুৱাৰ খোলা আছে, শোৱনি ঘৰৰ সকলো বন্ধ। মহেশে দুৱাৰত কাণ দি শুনিলে, এটা অস্পষ্ট আলাপৰ ধ্বনি শুনা গ’ল। তেওঁ ততালিকে দুৱাৰত খুন্দিয়াই ভীষণ নাদেৰে ক'লে,-“দুৱাৰ খোল।” কিন্তু দুৱাৰ মেল নাখালে। মহেশে ঘনে ঘনে দুৱাৰত খুন্দিয়াবলৈ ধৰিলে। ভিতৰত ঘুটুং-ঘাটাং শব্দ শুনা গ'ল। কিন্তু কোনেও দুৱাৰ নেমেলিলে।

 প্ৰায় পাঁচ মিনিট একেৰাহে খুন্দিওৱাৰ পাচত দুৱাৰ আপুনি মেল খালে। মহেশে দেখিলে—ঘৈণীয়েক এটা চুকত ঠিয় হৈ ঠক্‌ঠক্ কৰে কঁপিব লাগিছে। তেওঁ দুৱাৰ মুখতে থিয় হৈ গোটেই খোটালিটো ভালকৈ পৰীক্ষা কৰি চাই ঘৈণীয়েকক সুধিলে,—“কি হৈছিল? দুৱাৰ মেলা নাছিলি কিয়?”

 ঘৈণীয়েকে সেপ ঢুকি ঢুকি ক'লে—“কোনোবা বুলি ভয়

লাগিছিল।”

–২৪৫–