পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২৪৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দোষ কাৰ?

মহেশ—পিচেনাে কি কৰোঁ বুলিছা ?
ৰম্ভা—তাকেইতাে ভাবিব লাগিছোঁ।
মহেশ—এনেকৈ আগ-গুৰি নােহােৱাকৈ ভাবি থাকি মন বেয়া

কৰাৰ পৰা কি লাভ? আহাঁ এটা গান গােৱা যাওক, তেতিয়া মন ভাল লাগিব।

 এই বুলি মহেশে ৰম্ভাক হাতত ধৰি টানি আনিলে আৰু এটা চুমা দিলে। তাৰ পিচত এটা গান চলিল। ৰম্ভাৰ মুখাে লাহে লাহে প্রফুল্ল হৈ উঠিল। গানৰ অন্তত মহেশে ক'লে—“সিদিনা কোৱা কাম আজি কৰিব লাগিব। মই মন্ত্র-তন্ত্র সকলাে ঠিক-ঠাককৈ থৈছোঁ। তুমি সােনকালে খাই-বই ওলাই থাকিব লাগিব।”

 ৰম্ভা—মই যদিও সিদিনা গাত লৈছিলোঁ, এতিয়া দেখােন কেনেবা লাগিছে। বাহিৰত তেনে কৰিবলৈ লাজ লাগিব।

 মহেশ-লাজ আকৌ কিহৰ ? তাততো মােৰ বাহিৰে আন কোনাে নাথাকে। তাতে সেইডােখৰ ঠাই দিনতে নিজান। ইফালে আন্ধাৰ ৰাতি। কোনে আমাক চাবলৈ যাব ? লেম্পৰ সাহায্যেৰে এখন্তেক মাথােন পােহৰ পেলালেই হ’ল। ঠাই ডােখৰ যেনে সুন্দৰ, তাত তােমাৰ ছবিখনৰে সৈতে যেনে এটা সুন্দৰ দৃশ্য হ'ব, তেনে দৃশ্য কোনেও দেখা নাই।

 ৰম্ভা-বাৰু তেন্তে, তুমি সােনকালে আহিবা, মই পাচ ফালে বাট চাই থাকিম।

 বােধকৰোঁ ৰম্ভা আৰু মহেশৰ কথাৰ পৰা কাৰো বুজিবলৈ বাকী থকা নাই যে মহেশে ৰাতি নিজান ঠাইত ৰম্ভাৰ এখন ‘ফটো’ তুলিবলৈ প্রস্তাৱ কৰিছে। এই বিষয়ে দুয়ােৰে আলচ আজি বহুত দিনৰে

পৰা। মহেশে ব্ৰহ্মপুত্ৰৰ দাঁতিত এডোখৰ মনােৰম ঠাই এই উদ্দেশ্যে চাই ঠিক কৰিছে, আৰু লাগতিয়াল যন্ত্রপাতিও যুগুত কৰি

—২৩৯—