পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২৪০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সাধনা

নোহোৱা, তুমি সেই বিষয়ে মন্তব্য প্ৰকাশ কৰাই অন্যায়। সেইবোৰ চয়তানৰ কথা।”

 দীনবন্ধুৱে হাঁহি হাঁহি ক'লে,—“চাহাব, লোকৰ ন্যায়-অন্যায বিচৰাত তুমি যিমান পাকৈত, নিজৰ ন্যায়-অন্যায়ো যদি তেনেকৈয়ে বিচাৰিলাহেঁতেন! মই খৃষ্টান নহয় বুলিয়েই যদি খৃষ্টধৰ্মৰ বিষয়ে কবলৈ মোৰ অধিকাৰ নাই, তুমি হিন্দু নহৈ, হিন্দুধৰ্ম্মৰ বিষয়ে বিন্দু- বিসৰ্গও নজনাকৈ তাৰ নিন্দা কৰিবলৈ অধিকাৰটো হবলা আমেৰিকাৰ পৰা কিনি আনিছা?”

 দীনবন্ধুৰ কথাৰ উত্তৰ দিব নোৱাৰি চাহাব নিমাত হ’ল। দীনবন্ধুৱে আকৌ কবলৈ ধৰিলে,—“শুনা চাহাব, তুমি যদি সঁচাকৈয়ে ধৰ্ম্মপ্ৰচাৰ কৰিব খোজা, তেন্তে তাৰ আগেয়ে তোমাৰ ধৰ্ম্মটো বুজি লোৱা। অতীজৰে পৰা ভাৰতবৰ্ষই জগতক ধৰ্ম্মশিক্ষা দি আহিছে; এতিয়াও হিন্দুশিক্ষকৰ ওচৰত শিক্ষা নাপালে, হিন্দুধৰ্ম্মৰ কথাকে নকওঁ, খৃষ্টধৰ্ম্মও যে তুমি বুজিব পাৰিবা, তেনে আশা মই কৰিব পৰা নাই। আজিকালি আমেৰিকাৰ বহুত জ্ঞানী মানুহে হিন্দুপ্ৰচাৰকৰ ওচৰত খৃষ্টান-ধৰ্ম্ম কি বুজি লৈছে। বহুতে হিন্দুধৰ্ম্মৰ তত্ত্ব বুজি তাক গ্ৰহণ কৰিছে। তুমিও ইচ্ছা কৰিলে বুজি লব পাৰা। আন নালাগে স্বামী বিবেকানন্দৰ ঈশ-দূত খৃষ্ট (Christ the Messenger) আৰু তেওঁৰেই ছিকাগো বক্তৃতাখন পঢ়িলেও তোমাৰ চকু অলপ মুকলি হোৱাৰ সম্ভৱ।

 চাহাব—তোমাৰ দেশৰ মানুহ দেখি তুমি তেনেকৈ কৈছা। আচলতে তেওঁ খৃষ্টান-ধৰ্ম্মৰ কিটো জানিব পাৰে?

 দীন—তুমি চাৰ হাইৰাম মেক্সিমৰ নাম শুনিছা?

 চাহাব—কিয় নুশুনিম? তেওঁ আমেৰিকাৰ এজন বিখ্যাত

বৈজ্ঞানিক।

—২৩৪—