পাদুৰী চাহাব
সংযম, তাৰে তুমি শ্ৰীকৃষ্ণচৰিত্ৰৰ আধ্যাত্মিকতা বুজিবলৈ আশা কৰাও বিড়ম্বনা। তুমি শ্ৰীকৃষ্ণচৰিত্ৰত তোমাৰ পাপ মনৰ ছাযা-পাত চাব খোজা দেখি তাকে দেখিবলৈ পোৱা। যাৰ মন যেনে কলুষিত সি পবিত্ৰতাৰ মাজতো তেনে কলুষ চিত্ৰ দেখে। তোমাৰ নিচিনা ধৰ্ম্ম- জ্ঞানৰ যদি কোনোৱা হিন্দু আছে, তেন্তে তেৱোঁ যিছুখৃষ্টৰ জন্মৰে পৰা তেওঁৰ গাত ব্যভিচাৰৰ দাগ লাগি থকা দেখিব। কিন্তু মোৰ বিশ্বাস তেনে সঙ্কীৰ্ণমনা হিন্দু কোনো নাই। মুঠতে তোমালোকৰ ধৰ্ম্ম খৃষ্টান ধৰ্ম্ম নহয়, সি ৰাজনৈতিক ফন্দি মাথোন। হিন্দু-ধৰ্ম্ম তেনে নহয়; তাৰ প্ৰত্যেকটো অনুষ্ঠানতে আধ্যাত্মিকতাৰ জ্যোতি। সেই দেখিয়েই কোনো হিন্দুপ্ৰচাৰকে তোমালোকৰ দৰে পাৰ্থিব ভোগ-সুখৰ প্ৰলোভন দেখুৱাই, আন ধৰ্ম্মৰ নিন্দা কৰি নিজৰ দল পুষ্ট কৰিবলৈ নিবিচাৰে। তোমালোকে বহুতক তোমালোকৰ ব্যৱসায়ী খৃষ্টান ধৰ্ম্মত দীক্ষিত কৰিছা; কিন্তু তাৰ ভিতৰত এজনো উলিয়াই দিব পাৰিবা নে যি তোমাৰ ধৰ্ম্মত অলপো আস্থা স্থাপন কৰে? তোমালোক প্ৰলোভনত ভোল গৈ ঐহিক সুখ-ভোগৰ আকাঙক্ষাত মাত্ৰ তেওঁলোকে তেনে কৰিছে, অথবা সমাজৰ দূৰণীয় কাৰ্য কৰি সমাজচ্যুত হৈ কাৰো ওচৰত ঠাই নাপাই তোমালোকৰ আশ্ৰয় লৈছে। মুঠতে ধৰ্ম্মৰ নামত অধৰ্ম্ম কৰা অনুষ্ঠান তোমালোকৰ দৰে আন কাৰো নাই।
চাহাবে প্ৰথমতে দীনবন্ধুক এটা হোজা গাৱঁলীয়া বুলি ভাবি লৈছিল। এতিয়া তেওঁৰ কথা শুনি তেওঁৰ ভুলটো বুজিব পাৰিলে তথাপি দীনবন্ধুৰ কথা শুনি তেওঁৰ পেটে পেটে খং উঠিছিল। সকলো মানুহেই দীনবন্ধুক সহানুভূতি দেখুওৱা দেখি তেওঁ কি কৰিব, কি নকৰিব—একোকে স্থিৰ কৰিব নোৱাৰি আঙুলি কামুৰিবলৈ ধৰিলে। দীনবন্ধু ক্ষান্ত হ’লত চাহাবে ক'লে,—“আমি খৃষ্টধৰ্ম বুজোঁ নে নুবুজোঁ
তাৰ বিচাৰ কৰিবলৈ তোমাৰ অধিকাৰ নাই। তুমি যেতিয়া নিজে খৃষ্টান
–২৩৩–