সাধনা
বিলাক মহাপাপী, সিহঁতে এতিয়াও খৃষ্টক ভজা নাই। হিন্দু-ধৰ্ম্মত একো সাৰ নাই; তাত বহুতো সম্প্ৰদায় আছে, আটাইবোৰেই সভ্যতাৰ বিৰোধী। ইয়াৰ মানুহ—কি বৈষ্ণৱ, কি শৈৱ, কি শাক্ত, কোনেও মুক্তি নাপায়। ইহঁতৰ ধৰ্ম্ম ইমান বেয়া, ইমান নীহ যে সকলোৱে ঘিণ কৰা উচিত। শৈৱ-শাক্তই লিঙ্গ আৰু যোনি পূজা কৰে, ইহঁতৰ সভ্যতাৰ অলপো জ্ঞান নাই। এনেবোৰ পূজাৰ নিমিত্তেই ইয়াৰ মানুহবোেৰক আমাৰ মানুহে গৰু-পহুৰ নিচিনাকৈ ব্যৱহাৰ কৰে। বৈষ্ণৱবিলাকে মাছ-কাছকে আদি কৰি দহোটা অৱতাৰ মানে। ঈশ্বৰক যি ইমান ক্ষুদ্ৰ জীৱ হ'ব পাৰে বুলি ভাবে, সিহঁতৰ মুক্তি ক’ত? কোনে সিহঁতক অনন্ত নৰকৰ পৰা ৰাখিব! তদুপৰি বৈষ্ণৱবিলাকে যি শ্ৰীকৃষ্ণক পূৰ্ণাৱতাৰ বুলি মানে, সেই শ্ৰীকৃষ্ণৰ নিচিনা জঘন্য চৰিত্ৰৰ মানুহ পৃথিৱীতে নাই। আজি কালিৰ দিনত হোৱা হ'লে ফাঁচী বা কলীয়া- পানীত দিব লাগিলহেঁতেন। ইয়াৰ মানুহে পুতলা পূজা কৰে। ঈশ্বৰ সকলো ঠাইতে আছে। তেওঁৰ কাণ নাই শুনে, চকু নাই দেখে, হাত নাই ধৰে, ভৰি নাই ফুৰে। তেনে ঈশ্বৰক পুতলা সাজি পূজা কৰিলে তেওঁ সন্তুষ্ট হ’ব নে বিতুষ্ট হ’ব? তোমালোকে যদি মুক্তি পাব খোজা, কোটি কোটি বছৰ নৰকত পচিব নোখোজা, তেন্তে খৃষ্টক ভজাঁ। খৃষ্টক ভজিলেই সকলো হ’ব। বহুত মানুহে বহুত দিন দুখত নিয়াই শেহত খৃষ্টক ভজি সুখ পাইছে, পৰকালতো স্বৰ্গ লৈ যাব পাৰিছে।”
পাদুৰীৰ বক্তৃতা শুনি দীনবন্ধুৱে হাঁহি হাঁহি ক’লে,—“বিধাতাৰ কি বিড়ম্বনা। এইখিনি ধৰ্ম্মজ্ঞান লৈও একোজন মানুহ সুদূৰ আমেৰিকাৰ পৰা ভাৰত উদ্ধাৰ কৰিবলৈ আহে।”
চাহাবে শুনি ক'লে,—“কি কৈছা তুমি?”
দীন—কৈছোঁ বোলো তোমাৰ নিচিনা ধাৰ্ম্মিকৰ আগমনত দেশ উদ্ধাৰ
নোহোৱাকৈ থাকিবনে?
-২৩০-