পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২৩২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সাধনা

ইন্দ্ৰনাথ গছৰ পৰা নামি ঘৰলৈ আহিল, লক্ষ্মীকান্তও অলপ পিচতে ঘৰ পালেহি। ভোজন কাৰ্য্য সমাধা কৰি তেওঁলোক শুবলৈ যাওঁতে এক বাজি গৈছিল।

 সেই দিনা ইন্দ্ৰনাথৰ ভাল টোপনি নাহিল; ৰাতি নৌ পুৱাওঁতেই তেওঁ শোৱাৰ পৰা উঠিল। বাহিৰত অলপ অলপ পোহৰ যেন দেখা গৈছে, ঠিক এনে সময়ত তেওঁ মানুহ এটা নাহৰৰ তলৰ পৰা যোৱা যেন দেখিলে। তেওঁ তেতিয়া কোনো গম-গতি নলগোৱাকৈ নাহৰৰ তললৈ গ'ল, আৰু এজোপাৰ তলত এখন চিঠি পালে। চিঠিখন বুটলি লৈ আহিল, আৰু ভিতৰত চাকি এটা লগাই তাৰ পোহৰত পঢ়িবলৈ ধৰিলে। চিঠিখন আহিছে আব্দুল গনিৰ পৰা। তেওঁ চিঠিখন পঢ়ি বঢ়িয়াকৈ জানিব পাৰিলে যে ৰম্ভা আৰু তেওঁৰ ভিতৰত গুপ্ত প্ৰণয় আছে, আৰু ৰম্ভাই আব্দুলৰ লগতে তেওঁৰ বিয়া হ'ব বুলি আশা দি আছে। আজিৰ চিঠিত আব্দুলে এসপ্তাহৰ মূৰত নপলালেই নহ'ব বুলি লিখিছে। চিঠিখনত ইন্দ্ৰনাথক সোনকালে আঁতৰাবলৈ কৈ তেওঁৰ বিৰুদ্ধে কিবাকিবি লিখিছে। সেই দিনাই ইন্দ্ৰনাথে ৰম্ভাক বিয়া নকৰাবলৈ মনতে স্থিৰ কৰিলে; কিন্তু সামাজিক ভাবে বিয়া নহলেও যেতিয়ালৈকে আঁতৰ হবলৈ বাধ্য নহয়, তেতিয়ালৈকে আগৰ দৰেই তাত থাকিবলৈ সাজু থাকিল।

 লক্ষ্মীকান্তৰো ভনীয়েকক উলিয়াই দিবলৈ ইচ্ছা নাই। এতিয়া বিনামূল্যে যিমানবোৰ বস্তু-বাহানি ঘৰত সোমাইছেহি, ৰম্ভা নাথাকিলে তাৰ আশা ক’ত? ঘাইকৈ এতিয়া তেওঁৰ মদৰ খৰচটো ৰম্ভাৰ বন্ধু বান্ধৱৰ পৰাই ওলাইছে; ৰম্ভা আঁতৰিলে তাৰো মূৰ মৰিব। কোৱা উচিত যে ৰম্ভায়ো মাজে সময়ে মদ খায়। সেই বাবে তেওঁৰ প্ৰণয়ী- দলৰ পৰা আন বস্তুৰ লগতে কেতিয়াবা মদো উপহাৰ পায়। বাহিৰত

সুবিধা নহলে কেতিয়াবা লক্ষ্মীকান্তয়ো তাৰ ভাগ লয়। সাধাৰণতঃ

-২২৬-