পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২৩০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সাধনা

 লক্ষ্মীকান্তৰ ভৰিৰ আঘাত বোধকৰোঁ বৰ সাঙ্ঘাতিক নাছিল, কিয়নো, এসপ্তাহমান ঔষধ লগোৱাৰ পিচতে তেওঁ একৰকম ভালকৈয়ে ফুৰিব পৰা হ'ল। হাতটো হলে এতিয়াও একেবাৰেই ভাল হোৱা নাই।

 ইয়াৰ আগেয়ে কেনেকৈ জাননী প্ৰচাৰ কৰিছিল, আৰু প্ৰভাৱতীৰ বিৰুদ্ধে সাক্ষী দিবলৈ ওলাইছিল তাকো সকলোৱে জানে। অকল সেয়ে নহয়, এইবোৰ কেলেঙ্কাৰীৰ কথা জাননীত লিখা দিয়েই বেনামীকৈ লিখি আসামৰ প্ৰায় সকলো ঠাইলৈকে পঠিয়াইছিল।

 ইন্দ্ৰনাথৰ সাহায্যেৰে লক্ষ্মীকান্তই আৰু কিছুমান কাৰ্য্য কৰিছিল, কিন্তু সেইবোৰ ইমান জঘন্য আৰু তাৰ লগত এই আখ্যায়িকাৰ সম্বন্ধ ইমান কম যে তাৰ উল্লেখ নিস্প্ৰয়োজন।

 যদিও ইন্দ্ৰনাথ লক্ষ্মীকান্তৰ লগত প্ৰায় দুমাহ আছে, তথাপি পূৰ্ব্বৰ বন্দৱস্ত মতে বিয়াৰ কথা কোনেও উলিওৱা নাই। ইন্দ্ৰনাথে প্ৰথমতে অলপ খৰ-ধৰ লগাইছিল, কিন্তু পিচত তেওঁ সামাজিক ভাবে বিয়া নোহোৱাটোহে বাঞ্ছা কৰিবলৈ ধৰিলে। তাৰ অৱশ্যে কাৰণ আছিল।—

 ইন্দ্ৰনাথে মাজে-সময়ে মন কৰিছিল যে ৰম্ভাই সদায় সন্ধ্যা সময়ত, ৰাতি খাই উঠাৰ পিচত, আৰু নিচেই ৰাতিপুৱাতে একোবাৰ পদূলি- মুখলৈ যায়। প্ৰথমতে তেওঁ সেই বিষয়ে একো ভবা নাছিল, কিন্তু পূজাৰ সময়ত হঠাৎ তেওঁৰ কিবা সন্দেহ জন্মে, আৰু তাৰ কাৰণ জানিবলৈ তেওঁ ব্যগ্ৰ হয়। তেওঁ কেইদিনমান ভালকৈ লক্ষ্য কৰি দেখিলে ৰম্ভাই পদূলিৰ নাহৰ কেইজোপাৰ তলত কি বিচাৰে। তেওঁ দিনত ঠাইডোখৰ পৰীক্ষা কৰি চালে, আৰু দুয়ো দাঁতিয়ে থকা গছ দুজোপাৰ তাত বহুত অকামিলা ফটা কাকত—ঘাইকৈ পুৰণি চিঠিৰ ফটা লেফাফা—দমাই খোৱা দেখিলে। তেওঁ প্ৰথমেই ভাবিলে

কি জানি ৰম্ভাই ফটা কাকতৰ লগত কিবা মূল্যবান কাকত পেলালে

–২২৪–