পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২২৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শ্ৰাদ্ধ

জীৱিতৰ শ্ৰাদ্ধ হ’বই নোৱাৰে, গতিকে তোমালোকে যাৰ শ্ৰাদ্ধৰ আয়োজন কৰিছা, তেওঁ বা তেওঁলোকে নিশ্চয় মৃত হ'ব লাগিব।

 বৌ—বাৰু, এই আয়োজনৰ এভাগ যদি জীৱিতৰ নিমিত্তে হয়?

 উষা—তেতিয়া হ'লে তেওঁ শ্ৰাদ্ধৰ আগতে জীৱিতৰ লেখৰ পৰা বাদ পৰি মৃতৰ লগ ল'ব লাগিব।

 বৌ—মই কাবৌকে মাতিছোঁ উষা, তুমি কি ভাবি এনে কথা কৈছা, মোক ভাঙি কোৱা।

 উষা—তুমি যদি মোৰ পৰা কিবা লুকুৱাইছা, তাকে ভাবি এই কথা কৈছোঁ বুলি নিশ্চয় বুজিছা, আৰু যদি লুকুওৱা নাই, তেন্তে মোৰ কথাৰো অৰ্থ নাই।

 বৌ—ধৰা, মই লুকুৱাইছোঁ।

 উষা—তেন্তে ময়ো মোৰ কথা কৈছোঁ। তোমালোক ইচ্ছা পূৰ্ণ হ’ব, শ্ৰাদ্ধ কৰিবলৈ পাবা।

 বৌ—কিয় তেনে কথা কোৱা উষা?

 উষা—পূবৰ বেলি পশ্চিমে ওলাব পাৰে, কিন্তু মোৰ কথাৰ লৰচৰ নহয়।

 বৌ-তুমি কি কৰিব খুজিছা উষা? তুমি চিৰ-কুমাৰী হৈয়েই জীৱন নিয়াবানে?

 উষা—তাতনো কাৰ কি হানি?

 বৌ—কিন্তু উষা, তুমি জানানে তেনে জীৱন কি কঠোৰ? তুমি আজীৱন তেনেভাবে কটাবা কেনেকৈ? তোমাৰ মঙ্গলৰ নিমিত্তে, তোমাৰ সুখৰ নিমিত্তেই দেউতাৰা সদায় চিন্তাকুল। এতিয়া ভাল ঘৰ, ভাল লৰা,—ভাল অৱস্থা চাই তোমাৰ সম্বন্ধ স্থিৰ কৰিছে,—তুমি আপত্তি নকৰিবা, উষা।

 উষা—মই কি আপত্তি কৰিম? তোমালোকে মোৰ শ্ৰাদ্ধ পাতিছা,

—২২১—