পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২২৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শ্ৰাদ্ধ

বঙলা, ইংৰাজী, এই তিনিও ভাষাৰ আছে। এই কিতাপখিনিৰ ভিতৰত ৰামায়ণ, মহাভাৰত আদি খনচেৰেক পুৰণি পুথি, জয়মতী, আৰ্য্যনাৰী প্ৰভৃতি সতীকাহিনী আৰু বাকীবিলাক ধাত্ৰীবিদ্যা, স্বাস্থ্যৰক্ষা, পাকপ্ৰণালী, চিত্ৰশিক্ষা, সঙ্গীত আদি বিষয়ক। খোটালিটোৰ বেৰত মাথোন দুখন চিত্ৰ আছে;– এখন সাবিত্ৰী-সত্যবানৰ, আৰু ইখন এখন সভাৰ। পাচৰখন চিত্ৰ দীনবন্ধুৰ সেৱাশ্ৰমৰ বাৰ্ষিক উৎসৱৰ, তাত বহুত মানুহ উপস্থিত আছে, আৰু দীনবন্ধুৱে থিয় হৈ কিবা বক্তৃতা দিছে। ইয়াৰ বাহিৰেও কাৰ্পেটত বেজিৰ সাহায্যেৰে লিখা কীৰ্ত্তনঘোষাৰ পদ আৰু দুই-এখন স্বভাৱচিত্ৰ আছে। এই কেইখন চিত্ৰই তেওঁৰ বেজিৰ কামত কৃতিত্ব দেখুৱাইছে। মেজৰ ওপৰত এখন দাপোণ আৰু এখন ফণি আছে। খোটালিটোৰ বাকীডোখৰ ঠাইত ডাঁৰত আঁৰি থোৱা উঘা, চেৰেকি, লেটাই, ব আৰু ফুলৰ চানেকি; তলত এটা যঁতৰ। ছিঙ্গাৰৰ চিলাই কল এটাও এফালে আছে। চালপীৰাৰ তলত কেইখনমান কাপোৰকানিৰে এটা কাঠৰ বাকচ আছে।

 আজি ঊষাই গালত হাত দি মন মাৰি বহি আছে; যেন তেওঁৰো মনত কিবা এটা ভীষণ আঘাত লাগিছে। এনেতে বৌৱেক তালৈ সোমাই আহিল। ঊষাক তেনে অৱস্থাত দেখি তেওঁৰ মন অস্থিৰ হৈ উঠিল। ঊষাৰ এনে মলিন মুখ আজি তেওঁ প্ৰথম দেখিলে। ঊষাৰ মনত ৰং লগাবৰ মনেৰে তেওঁ ধেমালিকৈ ক’লে,— “বোলো এইবাৰ মহাৰাণীৰ ৰাজ্যখনকে লব খুজিছা নেকি? দেখোন তলৰ মাটি ওপৰকৈ গুণিছা?”

 ঊষা ভালকৈ বহিল আৰু বৌৱেকৰ মুখলৈ চাই নীৰৱে থাকিল।

 বৌৱেক — হৈছে কি ঊষা?

 ঊষা — একো হোৱা নাই।

— ২১৭ —