পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২২২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সাধনা

কৈয়েই মৌন হয়। লগৰ ছোৱালীয়ে কেতিয়াবা বিয়াৰ কথা উলিয়াই ধেমালি কৰিলে তেওঁ প্ৰায়েই কোনো উত্তৰ নিদিয়ে। গাওঁ ফুৰি নাইবা লগৰ ছোৱালীৰ লগত চুপতি কৰি সময় কটাবলৈ তেওঁ সমূলি ভাল নাপায়, কিন্তু সেইবুলি তেওঁ নিজক সমাজৰ পৰা আঁতৰাই ৰাখিবলৈ বিচাৰে বুলি বুজিলেও ভুল হ’ব। যদি ওচৰ-চুবুৰীয়া কোনোবা তিৰুতাৰ নৰিয়া হয়, তেন্তে নিশ্চয় এওঁক ওচৰত দেখিবলৈ পোৱা যাব। ৰোগীৰ পথ্য প্ৰস্তুত কৰাত, আলপৈচান ধৰাত, কোনেও এওঁৰ আঁৰ ধৰিব নোৱাৰে। কেতিয়াবা ৰোগিণীৰ শয্যাৰ ওচৰত বহি হাঁহিমুখে দুই-তিনি দিন আলপৈচান ধৰা দেখিলে তেওঁৰ ধৈৰ্য্য নশলাগি নোৱাৰি।

 এই ছোৱালীজনীৰ নাম উযা, বয়স চৈধ্য পাৰ হৈ পোন্ধৰত সোমাইছে। তেওঁৰ শাৰীৰিক সৌন্দৰ্য্য কবিৰ আদৰ্শ সৌন্দৰ্যৰ লগত নিমিলিব পাৰে, কিন্তু অশুৱনি নহয়। গাৰ বৰণ কেঁচা সোণৰ দৰে নহলেও একেবাৰে ক'লাও নহয়। উজ্জ্বল চকু জুৰি আৰু দীঘল চুলিটাৰ দেখি কোনেও ক’ব নোৱাৰে যে তাতকৈ সেই সেই অৱয়বৰ সৌন্দৰ্য্য ক'ৰবাত বেচিকৈ ফুটি উঠিছে। সাজ-পাৰ সামান্য ধৰণৰ, কিন্তু বেচ, পৰিষ্কাৰ আৰু পৰিপাটী। সাধাৰণতঃ এওঁক সদায় প্ৰফুল্ল দেখা যায়, যেন তেওঁৰ মনত কোনো বেজাৰ বা অশান্তি নাই। কিন্তু সেই বুলি সেই প্ৰফুল্লতা চঞ্চলতাৰ শাৰীৰ নহয়।

 উষাৰ মাক নাই; বৌৱেক প্ৰায় সমান বয়সীয়া; সেই কাৰণে দুয়োৰে ভিতৰত বন্ধুৰ দৰে মিল আছে।

 বৰঘৰটোৰ এখোটালিত উষা থাকে, আৰু এখোটালিত তেওঁৰ পিতাক থাকে। উষা থকা খোটালিটো বৰ ডাঙৰ নহয়। ইয়াৰ এদাঁতিয়ে এখন শয্যা। শয্যাৰ পৰা অলপ আঁতৰাত এখন মেজ, এখন

চকি আৰু এটা সৰু আমাৰীত খনচেৰেক কিতাপ। কিতাপ অসমীয়া,

—২১৬—