পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাধনা

আৰু অন্যান্য শিক্ষক নিযুক্ত কৰাৰ উপৰিও নিজে প্ৰত্যেক স্কুলতে সপ্তাহত এদিনকৈ শিক্ষা দিয়ে। মাউৰৰ বা আকালৰ সময়ত দুখীয়াৰ সাহায্য আৰু আশ্ৰয়ৰ নিমিত্তে এটি সেৱাশ্ৰমো তেওঁৰ যত্নতেই চলে। তেওঁৰ আশ্ৰয়ত থাকি পঢ়া লৰাকেইটাৰ পঢ়া-শুনা আদিতো চকু দিব লাগে। ইয়াৰ উপৰিও স্থানীয় ধৰ্ম্ম-সভা আৰু সাহিত্যসভাৰো তেৱেঁই সম্পাদক। নিজৰ দৰিদ্ৰ অৱস্থাৰ লগত যুঁজি ইমানখিনি কাম যথাৱতে সমাধা কৰাৰ পিচত যি অলপ সময় আজৰি উলিয়াব পাৰে, তাক তেওঁ সাহিত্য চৰ্চ্চাত কটায়। তেওঁৰ কবিতা, তেওঁৰ প্ৰৱন্ধ — সকলো ৰাইজৰ আদৰণীয়। দেশ আৰু সমাজৰ সৰ্ব্বতোভাবে মঙ্গল সাধনেই তেওঁৰ ৰচনাৰ উদ্দেশ্য, আৰু তাত তেওঁ আংশিক সফলতা লাভ কৰা নাই বুলিও ক’ব নোৱাৰি।

 দীনবন্ধুৰ বন্ধু-বান্ধৱ চহা মানুহৰ ভিতৰত। নগৰীয়া মানুহৰ ভিতৰত যদিও তেওঁৰ লগৰীয়াৰ সংখ্যা কম নহয়, তথাপি তেওঁ প্ৰায় কাকো বন্ধুৰ আসন দিয়া নাই। অৱশ্যে প্ৰকৃত বন্ধু বুলিলে তেওঁ যি বুজে, তেনে বন্ধু নাই বুলিলেও অত্যুক্তি হয়। সেই দেখিয়েই তেওঁ তেওঁৰ উদ্দেশ্যৰ কথা সিদ্ধিলাভৰ আগতে প্ৰায় কাকো জানিবলৈ নিদিয়ে, একমাত্ৰ উমাকান্তইহে কেতিয়াবা কেতিয়াবা তেওঁৰ মনৰ কথা দুই এটা গম পায়। আনবোৰৰ লগত তেওঁ অৱস্থা বুজি ব্যৱস্থা কৰে। তেওঁলোকে কেতিয়াবা সামাজিক, ৰাজনৈতিক, আধ্যাত্মিক নাইবা দাৰ্শনিক আলোচনা কৰিলে তেওঁ তাত মুকলি মনেৰে যোগ দিয়ে। কিন্তু তেওঁলোকে তেনে আলোচনা কেতিয়াবাহে কৰে। সাধাৰণতঃ তেওঁলোকৰ আলোচ্য বিষয় পৰৰ স্ত্ৰী-কন্যাৰ ৰূপ-যৌৱন, আনুমানিক স্বভাৱ-চৰিত্ৰ আৰু পৰ-নিন্দা। ডেকা কালত তেনে আলোচনা হেনো বহুতে ভাল পায়, কিন্তু আঠাইশ বছৰীয়া দীনবন্ধু সেই দলৰ বাজ। তেওঁ তেনে আলোচনাত যোগ দিয়া বা আনন্দ

— ১৬ —