পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দীনবন্ধুৰ স্বপ্ন

 সাজ-পাৰত দীনবন্ধুৰ কোনো ধুন-পেঁচ নাই। সাধাৰণতঃ এখন ধুতী, এটা কামিজ বা পাঞ্জাবী, এখন চেলেং কাপোৰ আৰু এযোৰ চটি জোতা হলেই তেওঁৰ সাজ-পাৰ সম্পূৰ্ণ হয়। জাৰকালি তাৰ লগতে এটা কোট আৰু এখন এৰীয়া কাপোৰ লগ লাগে।

 দীনবন্ধুৰ লগত অকল গঙ্গাৰাম থাকে, সিয়েই তেওঁৰ লগুৱা, ৰান্ধনি — সকলো। সি এতিয়া দীনবন্ধুৰ ঘৰকেই তাৰ নিজা ঘৰ বুলি ভাবে, দীনবন্ধুৱেও তাক যথেষ্ট আদৰ আৰু সম্পূৰ্ণ বিশ্বাস কৰে। আন কি, খৰচ-পাতিৰ হিচাপো গঙ্গাকেই ৰাখিবলৈ দিয়ে। ইমানতো গঙ্গাৰ আগেয়ে এটা লগুৱাও দীনবন্ধুৰ লগত বেচি দিন টিকিব নোৱাঁৰিছিল। তাৰ কাৰণ ঘাইকৈ দুটা; প্ৰথম — তেওঁ মিছা কথা সমূলি সহিব নোৱাৰে, দ্বিতীয় যেই সেই কাম নিৰ্দ্দিষ্ট সময়ত নহলে তেওঁৰ ধৈৰ্য্য হেৰায়। লগুৱাৰ গাত এই দুটা দোষ দেখিলে প্ৰথম দিনা তেওঁ গালি-শপনি একো নাপাৰি বা কোনো প্ৰকাৰৰ শাস্তি নিদি অতি সংযতভাবে উপদেশ দিয়ে। আকৌ দ্বিতীয় দিনা সেই একে দোষেই ঘটিলে তেওঁ একোকে নকয়, মাত্ৰ প্ৰাপ্য দৰমহাখিনি দি তেনে লগুৱাক বিদায় দিয়ে। এবাৰ যা বুলি ক’লে তাৰ হাজাৰ কান্দোন-কাটোন কাবৌ-কোকালিয়েও একো গুণ দিব নোৱাৰে। তেনে সময়ত যদিও তেওঁ মুখেৰে একো নকয়, তথাপি তেওঁৰ চকুলৈ চালেই যাৰে তাৰে হৃৎকম্প হয়। দীনবন্ধুৰ দৰে কোমল প্ৰকৃতিৰ মানুহৰ এনে কঠোৰতা বহুতৰ মতে আচৰিত কথা। সেই দেখি মানুহে কয় বোলে “কবি মানুহৰ ধাতু বুজা টান।” গঙ্গাৰামে কিন্তু তেওঁৰ ধাতু বুজি লৈছে, সেইহে তেওঁৰ ইমান আদৰ সাদৰ লাভ কৰিছে।

 দীনবন্ধুৰ সংসাৰখন দেখাত ক্ষুদ্ৰ হলেও তেওঁৰ কাম নিতান্ত অলপীয়া নহয়। তেওঁ জীৱিকাৰ নিমিত্তে খেতি-বাতি কৰে, দুখীয়া গাৱঁলীয়া লৰাৰ নিমিত্তে ৰাইজৰ সাহায্য লৈ কেইবাখনো নৈশ বিদ্যালয় চলায়

— ১৫ —