দীন—এৰা, হওঁতে সেই পিনেও মোৰ গাতে দোষ পৰে। মই দেখোন ঘৰত থাকিবলৈ আজৰিকে উলিয়াব নোৱাৰোঁ। পিচে এই ৰাতিখন কি সকামতনো আহিল?
মোমাই — সকাম আৰু কি! বজাৰৰ পৰা কিবা-কিবি কিনিবলৈ আহিছিলোঁ। তাকে কিনি-কুটি দি এবাৰ তোৰ তাত সোমাই যাওঁ বুলি ভাবিলোঁ। তই দেখোন আজি-কালি আমাৰ ঘৰলৈ যাবলৈকে এৰিলি! মাইদেৱেৰে সদায় তোৰ কথাকে কৈ থাকে।
দীন — এৰা মোমাইদেউ, মই যাওঁ বুলিও আজি বহুত দিন সময় কৰিব পৰা নাই। বিহুত নিশ্চয় যাম।
মোমাই — বিহুত! এতিয়াও দেখোন বিহুলৈ দুই তিনি মাহ আছে। এই দুখোজ বাট যাবলৈকো তোক ইমান দিন লাগিব নে?
দীন — নহয় মই গোৱালপাৰালৈ যাম বুলি ভাবিছোঁ; যদি যাওঁ, কেতিয়া ঘূৰোঁ ঠিক নাই।
মোমাই — এৰা, আগ-গুৰি নোহোৱাকৈ সংসাৰ গোটেইখন ভ্ৰমি ফুৰ মুঠেই। অঘৰীৰ নিচিনাকৈ দিন কেইটা নিয়াব পাৰিলেই হ’ল। ঘৰ-দুৱাৰনো তোক কেলেই লাগিছে?
দীন — কাম থাকিলে নগলেনো কেনেকৈ?
মোমাই — সদায় দেখোন তোৰ কামেই নুগুচে। পিচে ইমানকৈ কাম কৰি কিটোনো কৰিছ? লোকৰ বাঁৰী তিৰোতাৰ লৰায়ো বিয়া-বাৰু কৰাই গৃহস্থি চলাই খাইছে; তই আজিলৈকে বিয়াখনকে পাতিব পৰা নাই। এনেকৈ থাকিলেই আৰু নহয়। এইবাৰ যেনেকৈ হওক বিয়াখন পাতিবই লাগিব মই তাকে কবলৈকে আহিছোঁ।
দীন — নহয় মোমাইদেউ, মই এইবাৰ কোনোমতেই বিয়া কৰাব নোৱাৰোঁ। এইবাৰ মোৰ বহুত জঞ্জাল আছে। তাতে মোৰ