কথাবোৰ শুনাৰ বাবেই মই জনা হলোঁ কেনেকৈ? আপোনালোকৰ যে তাত স্বাৰ্থ নাই সেই কথা মই বিশ্বাস কৰিব নোৱাৰোঁ ৷
ৰাজখোৱা, সৰ্ব্বানন্দ, কৃষ্ণকুমাৰ আৰু ভূতনাথ তেতিয়া একেবাৰেই বিবৰ্ণ হৈছিল। তেওঁলোকৰ মুখৰ মাত পৰ্য্যন্ত হৰিল। বহুত চেষ্টাৰ পিচত ৰাজখোৱাই ক’লে,— “বহুতো মানুহৰ বহুত কথাৰ কেতিয়াবা এনেকৈ খেলি-মেলি লাগে যে ক’বৰ সময়ত কোনটো কাৰ পৰা শুনিছিলোঁ সঠিকলৈ কোৱা কঠিন হৈ পৰে। মিছা কবৰ মনেৰে যে তেনে কৰা হয় সেইটো নহয়।
জনচেৰেক সমজুৱাই তেতিয়া দীনবন্ধুক সুধিলে,— “পিচে আপুনিনো কি কৰিব?”
দীন — মই কাকো প্ৰতিনিধি বুলি নামানো, কাৰণ হৈ যোৱা ঘটনাৰ পৰা বুজিছোঁ, কাকো সম্পূৰ্ণ বিশ্বাস কৰা উচিত নহয়। মই স্কুলৰ উন্নতিৰ যি অৰ্থ ম–নত ৰাখিছিলোঁ তাকে লিখি পঠিয়াম।
সমজুৱা — কি লিখিব ভাঙি ক’লে সকলোলৈকে সুবিধা হয়।
দীন — মই চহি দিওঁতে যি কৈছিলোঁ, আৰু পিচত ভাবোতে যি মনত খেলাইছিল তাকে লিখিম। সি এইঃ—
(১) বৰ্তমান যেনে কুৎসিৎ বিজ্ঞাপন আদিৰ প্ৰচাৰ হৈছে ভবিষ্যতলৈ যাতে তেনে নঘটে, তাৰ বাবে স্কুলৰ কাৰ্য্যকাৰক সকলক কিছুমান বিশেষ নিয়মৰ তলতীয়া কৰিব লাগিব।
(২) অতি শীঘ্ৰে স্কুল-ঘৰটোৰ সজা শেষ কৰিব লাগিব।
(৩) ছাত্ৰী-সংখ্যালৈ চাই আৰু এজনী শিক্ষয়িত্ৰী নিযুক্ত কৰিব লাগিব।
(৪) স্কুলত বোৱা-কটাৰ প্ৰচলন সোনকালে কৰিব লাগিব।
(৫) স্কুলখন ছাত্ৰবৃত্তি স্কুলত পৰিণত কৰিবলৈ যথা-সম্ভৱ চেষ্টা কৰিব লাগিব।