একাদশ অধ্যায়
দীনবন্ধুৰ মত
গকুলচন্দ্ৰ কমলচন্দ্ৰ প্ৰভৃতিৰ চহিৰে দিয়া আৰ্জ্জিখন লৈ বৰচাহাবৰ ওচৰলৈ গ'ল, আৰু বেনামী চিঠি বিজ্ঞাপন আদিৰ কথা কৈ তাৰ উদ্দেশ্য কেনে হব পাৰে চাহবক জনালে। কাৰ্য্যৰ গতি দেখি চাহাবৰ মনত বিশ্বাস জন্মিল যে এইবোৰ কাৰ্য্যত কাৰবাৰ কিবা স্বাৰ্থ আছে, নহলে এনে কুৎসিৎ পন্থা অৱলম্বন কৰিব কিয়? বহুত বেলি আলোচনা কৰাৰ পিচত এয়ে স্থিৰ হ’ল যে গকুলচন্দ্ৰই বৰচাহাবৰ চহিৰে সৈতে প্ৰত্যেক স্বাক্ষৰকাৰীলৈ তেওঁৰ উদ্দেশ্য বিশেষভাবে আৰু বিশদৰূপে বৰ্ণাই লিখিবলৈ অনুৰোধ কৰি পত্ৰ লিখিব। তাৰ উত্তৰ পোন্ধৰ নবেম্বৰৰ ভিতৰতে সভাপতিৰ হাত পাবহি লাগিব। ষোল নবেম্বৰৰ দিনা স্বাক্ষৰকাৰী- সকল, চেক্ৰেটাৰী আৰু সভাপতিৰ ভিতৰত এখন ভিতৰুৱা সভা পাতি তাৰ আলোচনা কৰা হ'ব।
চেক্ৰেটাৰীয়ে তেতিয়া সেই মতেই সকলোলৈকে একোখন চিঠি দিলে। এই চিঠি পাই কমলচন্দ্ৰ, কৃষ্ণকুমাৰ আৰু সৰ্ব্বানন্দ বিমোৰ হ’ল। যদি দীনবন্ধু আৰু তেওঁৰ লগতে আন দুই এজনে তেওঁলোকৰ নিজামত লিখি দিয়ে, তেন্তে তেওঁলোকৰ সকলো
চেষ্টা, সকলো কৌশল পণ্ড হ’ব। সেই কাৰণে তেওঁলোকে সেই দিনাই ঘৰে ঘৰে ঘূৰি সকলোকে ক'লে,—“বোধকৰো, আপোনালোকে স্কুলৰ চেক্ৰেটাৰীৰ পৰা কিবাকিবি সুধি লিখা কাকত এখন পাইছে, আপোনালোকে যেন গাই-গোটাভাবে তাৰ কোনো উত্তৰ নিদিয়ে।
-১৯০-