পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/১৯৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সাধনা

ধৰিলে। ৰমণীয়ে ক'লে,—“পিচে তােমাৰ বিদ্যাৰ পৰিচয় আমাকো দিবা জানাে ?”

 ৰম্ভা—মইনো কি জানো যে আপােনালােকৰ ওচৰত পৰিচয় দিম?

 ৰমণী—এই বিনয়ে তােমাৰ সৌন্দৰ্য্য দুগুণে বঢ়াইছে। সঁচাকৈয়ে মই তােমাৰ কথাত মুগ্ধ হৈছোঁ। তােমাৰ গীত চাগৈ কেনে মৌবৰষা হব। এটা শুনাবা জানাে? ইয়াততো কোনাে আপত্তিৰ কাৰণ থাকিব নােৱাৰে। গানৰ দৰে পবিত্র বিষয়ৰ চৰ্চ্চাত সঙ্কুচিত হােৱা ভুল।

 লক্ষ্মী-শুনিব খুজিছে নাগাৱনাে কিয় এটা?

  ৰম্ভাই হাৰ্ম্মোনিয়মটো আনি বজাবলৈ আৰু লগে লগে গাবলৈ ধৰিলেঃ—

আজি কেনে ধৰে শশাভা যমুনা-বেলা।
কদম-তলত নাচে ব্ৰজৰ কোমলা বালা।
ৰুণুক-জুমুক বাজে নেপুৰ,
খহে আঁচল উঠন বুকুৰ,
লাজে সানে ৰহণ মধুৰ,
   গতি চঞ্চলা।
বৃন্দাবনত চৰায় ধেনু,
ৰাধা বুলি বজায় বেণু,
সুৰত উৰে ফুলৰ বেণু
   কানু পগলা।

 গীত শেষ হ’লত ৰমণীয়ে ক'লে,—“বঢ়িয়া হৈছে। গানটোও বেচ, সুৰটোও ভাল, তাৰ লগতে তােমাৰ এই কিন্নৰ-কণ্ঠ। ইয়াতকৈ সুন্দৰ আৰু কি হ'ব পাৰে! ইয়াতকৈ মধুৰ গীত কোনে গাব পাৰে!

মই তােমাক অন্তৰেৰে সৈতে ধন্যবাদ দিছোঁ।”

-১৯০-