দশম অধ্যায়
গুপ্ত চিঠি
দিনটোৰ অক্লান্ত ভ্ৰমণৰ পিচত দিনমণিয়ে পশ্চিম সাগৰত সুশীতল শয্যা গ্ৰহণ কৰাৰ পৰা প্ৰায় একঘণ্টামান হৈছে। চন্দ্ৰহীন আকাশত নক্ষত্ৰৰ ক্ষীণ ৰশ্মি আৰু তলত জোনাকীৰ সাময়িক জ্যোতিয়ে পৃথিবীৰ বুকুত চকা-চমকা পোহৰ ছটিয়াই দিছে। গাঁৱৰ বাটত যদিও মানুহৰ সমাগম কম, নগৰৰ ভিতৰত এতিয়াও তাৰ অন্ত পৰা নাই। বুঢ়া- ডেকা সকলোৱে তেওঁলোকৰ আড্ডাই আড্ডাই হয় তাচ-পাশা খেলিছে, নহয় পৰনিন্দা চৰ্চ্চা কৰিছে। এনে সময়ত এজন ডেকা মানুহ লক্ষ্মীকান্তৰ ঘৰলৈ সোমাল। তেওঁৰ সাজপাৰ সম্পূৰ্ণ ইংৰাজৰ পৰা ধাৰ কৰা; কিন্তু বহুত যত্নেৰেও গাৰ বৰণটো ধাৰ কৰিব পৰা নাই। পাউডাৰৰ গুণত ৰাতিৰ আন্ধাৰত ইংৰাজ বুলি পৰিচয় দিব পাৰে, কিন্তু দিনৰ ভিতৰত “নেটিভ নিগাৰ” আখ্যা নলবৰ কোনো উপায় নাই।
বুট জোতাৰ শব্দেৰে লক্ষ্মীকান্তৰ চমক ভাঙি তেওঁ ভিতৰলৈ সোমাই গ'ল। লক্ষ্মীকান্ত যদিও সাধাৰণতঃ এনে সময়ত ঘৰত নাথাকে, তথাপি আজি তেওঁ কলৈকো যোৱা নাছিল, বোধকৰোঁ এই মানুহজন- লৈকে অপেক্ষা কৰিছিল। লক্ষ্মীকান্তই যথানিয়মে এই অভ্যাগতক অভ্যৰ্থনা কৰিলে; তাৰ পিচত সুধিলে, “খবৰ কি?”
- “খবৰ মুঠতে ভাল নহয়।”
- “কিয়? কিবা সন্দেহ কৰিলে নেকি?”
- “সন্দেহ বোধকৰো কৰা নাই।”
- “তেনেহলে ভাল নোহোৱাৰ কাৰণ কি?”
- “তেওঁ কয়, যদিও তেওঁ সেই বিষয়ে লিখিছিল, তথাপি ভাবিচিন্তি-১৮৭-