পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/১৯০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সাধনা

প্রলােভনৰ ঠাই; সেই কাৰণে ঘাইকৈ তােমাৰ নিচিন অৱস্থাত মনক সবল কৰিবলৈ—সংযত হৈ চলিবলৈ একান্ত সাধনাৰ প্ৰয়ােজন। বহুত সময়ত সংযমী মানুহৰো প্রলােভনৰ পিছল বাটত পদস্খলন হয়; সেইদেখি কওঁ—সাৱধানে চলিব ;-মাছ ধৰিবলৈ গৈ যেন সাপৰ গাঁতত হাত নভৰােৱা। যেই সেই কাৰ্য্যৰ আগতে গভীৰভাবে ভাবি চাবা, ফলাফলৰ শুভাশুভ চাই কৰ্তব্য নির্ণয় কৰিবা। তেতিয়া নিশ্চয় ভগবানে তােমাৰ মঙ্গল কৰিব । মই কিয় এই কথা কৈছো, বােধকৰোঁ নকলেও বুজিব পাৰিছা। ইতি।

তােমাৰ শুভাকাঙ্ক্ষী
শ্রীদীনবন্ধু। 

 চিঠিখন লিখা হ’লত তেওঁ তাক তেতিয়াই পঠিয়াই দিব খুজিছিল, কিন্তু হঠাৎ তেওঁৰ মনত খেলালে যে প্রভাৰ লগত তেওঁৰ বিবাহপ্রার্থী এজন থাকেঁতে ৰাতি এনেকৈ চিঠি দিয়া দেখিলে তেওঁৰ সন্দেহ জন্মিব পাৰে, হয়তাে তাৰ পৰা প্ৰভাৰ অপকাৰো হ’ব পাৰে। এনেকৈ ভাবি চিন্তি শেষত তেওঁ চিঠিখন নপঠিওৱাকে স্থিৰ কৰিলে।

 ৰাতিপুৱা শােৱাৰ পৰা উঠিলেই দীনবন্ধুৱে সদায় প্রভাক বাৰাণ্ডাত দেখা পায়, কিন্তু ওপৰত কোৱা ঘটনাৰ পিচ দিনা তেওঁক দেখা নাপালে। বহুত বেলিৰ মূৰত যেতিয়া দেখা পালে, তেতিয়া তেওঁৰ মুখ মলিন, যেন নৰিয়াৰ পৰাহে উঠি আহিছে। দীনবন্ধুকে দেখা মাত্রেই তেওঁ লৰালৰিকৈ আঁতৰি গ’ল। দীনবন্ধুৱে এই পৰিবৰ্ত্তনৰ কাৰণ ভালকৈ একো নুবুজিলে, তেওঁ চিন্তাকুল চিত্তেৰে চিঠিখন পঠিয়াই দিলে। চিঠি পাই প্রভাই তাৰ উত্তৰত মাথােন ইয়াকে লিখিলে,—“আপােনা চিঠি পালো, কিন্তু তাৰ উত্তৰ জানোঁ দিও নে নিদিওঁ।”

- ১৮৪ -