তৃতীয় অধ্যায়
দীনবন্ধুৰ স্বপ্ন
দীনবন্ধুৰ ঘৰটো চহৰৰ এচুকত। ঘৰটোৰ পাচফালে এটা পুখুৰী, সম্মুখত এডোখৰ মুকলি পথাৰ। পথাৰৰ সিফালে এটা বাট আৰু তাৰ সিফালে এটা ভাল ঘৰ অলপ দিনৰ আগতে সজা হৈছে। ওচৰত কোনো আমোলা-বিষয়াৰ ঘৰ নাই। ইফালে সিফালে জনচেৰেক চহা মানুহ থাকে।
দীনবন্ধুৰ ঘৰটো চাৰিচলীয়া আৰু সম্মুখৰ ফালে আগ বঢ়াই টুপ লগোৱা। এই টুপৰে সৈতে ঘৰটোত চাৰিটা খোটালি। এটাত দীনবন্ধু শোৱে, এটাত লিখা পঢ়া কৰে, আৰু এটাত গঙ্গাৰাম থাকে; টুপটোৱে চ’ৰা ঘৰৰ কাম কৰে। থকা ঘৰটোৰ পৰা অলপ আঁতৰতে ৰান্ধনী ঘৰ, মাজত মাত্ৰ এখন চোতল। বৰ ঘৰটোৰ পৰা কুৰি হাত আঁতৰত এটা দীঘল ঘৰ; তাত তেওঁ সাহায্য কৰি পঢ়োৱা ছাত্ৰ কেইজনমান থাকে। তাৰ বিপৰীত ফালে এটা সৰু ঘৰত তেওঁৰ গাই দুজনী থাকে। থকা ঘৰটোৰ সন্মুখত এখন সাধাৰণ ফুলনি আছে।
ঘৰটোৰ আটাইকেউটা খোটালিৰ ভিতৰত চকুত-লগাকৈ সজোৱা হৈছে পাঠাগাৰটো; তাত চাৰিওফালে পৃথিবীৰ ডাঙৰ ডাঙৰ মনীষী সকলৰ ছবি আৰু বহুত সুন্দৰ সুন্দৰ পৰ্ব্বত, হ্ৰদ আদিৰ স্বাভাৱিক চিত্ৰ; কৃত্ৰিম লতা ফুল আদিয়ে ঠায়ে ঠায়ে প্ৰাকৃতিক দৃশ্যৰ অভিনয় দেখুৱাইছে। চিত্ৰবিলাকৰ সোঁমাজতে এখন কবিতাময় পট; এইখন তেওঁ নিজ হাতেৰে অঁকা। চিত্ৰখনত এজোপা লতা অঁকা হৈছে, লতাডালত কেইবাটাও ফুল। প্ৰথম দৃষ্টিত যদিও তাত এজোপা